অসম

assam

Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

By

Published : Nov 18, 2021, 8:03 AM IST

বৰপেটাত বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দত্ত বৰুৱাৰ নেতৃত্বত আটক 14 টা জুৱাৰীক ৷ জব্দ 1,04,940 টকা নগদ ধন, 14 টা মোবাইল হেণ্ডছেট আৰু 5খন বাইক ৷

14-gambler-arrest-at-jania
জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

জনীয়া, 18 নৱেম্বৰ : ৰাজ্যত ড্ৰাগছ, জুৱা, ডকাইতি, চিণ্ডিকেট আদিৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ আন জিলাৰ সমান্তৰালভাৱে বৰপেটা জিলাতো আৰক্ষীয়ে চলাইছে অবৈধ কাম-কাজৰ বিৰুদ্ধে বিভিন্ন অভিযান ৷ বুধবাৰে বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষী ।

জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দত্ত বৰুৱাৰ নেতৃত্বত চলিছিল এই জুৱা বিৰোধী অভিযান ৷ এই অভিযানত বৰপেটা আৰক্ষীয়ে আটক কৰে 14 টা জুৱাৰীক ৷ লগতে উক্ত অভিযানত জুৱাৰ ঘাটিৰ পৰা 1,04,940 টকা নগদ ধন, 14 টা মোবাইল হেণ্ডছেট আৰু 5 খন বাইক জব্দ কৰে আৰক্ষীয়ে ৷

জানিব পৰা মতে, আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজন ক্ৰমে বাদশ্বাহ মিঞা, চানু সৰকাৰ, সৰল খান, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন, নজৰুল ইছলাম, মুজাম্মল হুছেইন, ছায়েদ আলী আৰু জগৰ আলী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে । উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই জনীয়াৰ চৌধুৰী বজাৰত চলি আছিল এই বৃহৎ জুৱাৰ ঘাটি ।

লগতে পঢ়ক :উৎ‍‍‍কোচ লৈ হাতেলোটে কৰায়ত্ত আৰক্ষী উপ পৰিদৰ্শক

ABOUT THE AUTHOR

...view details