অসম

assam

ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ পালন - মানাহ ৰাষ্ট্ৰীয় উদ্যান

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ৭২ সংখ্যক ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহ(Van mohotsav week) । প্ৰতি বছৰে ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যত বন মহোৎসৱ সপ্তাহ পালন কৰা হয় । ৰাজ্যৰ আন আন স্থানৰ সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰা হৈছে বন মহোৎসৱ সপ্তাহ ।

Van mohotsav week observed at Baksa
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ পালন

By

Published : Jul 2, 2021, 8:36 PM IST

বাক্সা, ২ জুলাই : ৭২ সংখ্যক ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহৰ আজি দ্বিতীয় দিন । সমগ্ৰ দেশ তথা ৰাজ্যত পালন হৈছে বন মহোৎসৱ সপ্তাহ(Van mohotsav week) । ঠায়ে ঠায়ে বৃক্ষৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বন বিভাগে বন মহোৎসৱ সপ্তাহ উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানসমূহতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে । ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰে এনাজৰী ল'জত অনুষ্টুপীয়াকৈ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ক'ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ বন মহোৎসৱ সপ্তাহ পালন কৰা হৈছে । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ গছপুলি ৰোপণ কৰে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে অনুষ্ঠানত উপস্থিত থকা লোকসকলে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে উদ্যানখনৰ ক্ষেত্র সঞ্চালক অমল কুমাৰ শৰ্মাৰ লগতে বিভাগীয় লোকসকল । লগতে উপস্থিত থাকে ৰঘুনাথ বড়ো, বাবুল ব্ৰহ্মকে ধৰি উদ্যানখনৰ কাষৰীয়া ৰিজৰ্টসমূহৰ লগত জড়িত ব্যক্তিসকলো ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱ সপ্তাহ পালন

অমল কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ১৯৫০ চনতে তদানীন্তন কৃষি মন্ত্ৰী কে এম মুন্সিয়ে ১ জুলাইৰ পৰা ৭ জুলাইলৈ এই বন মহোৎসৱ সপ্তাহ আৰম্ভ কৰিছিল । লগতে সকলোকে বন সুৰক্ষাৰ ক্ষেত্ৰত সদায় সক্ৰিয় হৈ কাম কৰিবলৈ আহ্বান জনায় ।

আনফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু, গছ-গছনি আদি সন্দৰ্ভত তেওঁ কয় যে, ৰাষ্ট্ৰীয় উদ্যানখনত ৮৯ বিধ প্ৰজাতিৰ গছ আছে । অৰ্কিড ১৫ প্ৰকাৰৰ আছে । আনহাতে, উদ্যানখনত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ কয় যে, বৰ্তমান মানাহত ১৮টা বাঘ, ৪৭ গঁড় আৰু সোণালী বান্দৰ ৭২১টা আছে । পূৰ্বতকৈ গঁড় আৰু হৰিণাৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পাইছে বুলি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ জিলাই জিলাই ৰাষ্ট্ৰীয় বন মহোৎসৱ সপ্তাহ আৰম্ভ হৈছে । প্ৰথম দিনটোত মহানগৰীৰ সমীপৱৰ্তী গড়ভঙা সংৰক্ষিত বনাঞ্চলত বন বিভাগে আয়োজন কৰা বৃক্ষৰোপণ কাৰ্যসূচীত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অংশগ্ৰহণ কৰে ।


লগতে পঢ়ক:চাহ বাগিচা কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ বিশ্বনাথৰ উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details