অসম

assam

ETV Bharat / state

বৰমাত আটক উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰ লগত জড়িত এটা দুৰ্ধৰ্ষ চোৰ

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰা এটা দুৰ্ধৰ্ষ চোৰ আটক কৰাৰ লগতে উদ্ধাৰ হয় এখন য়ামাহা আৰ এক্স 150 বাইক

বৰমাত আটক উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰ লগত জড়িত এটা দুৰ্ধৰ্ষ চোৰ

By

Published : May 1, 2019, 10:15 PM IST

বৰমা, ১ মেঃ নলবাৰীৰ পিচত এইবাৰ বাক্সা জিলাৰ বৰমাতো উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰি কাৰ্যৰ লগত জড়িত এটা দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ হয় ৷ বৰমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ চোৰ চামচুল আলীক ৷ ইতিমধ্যে দোষীয়ে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে নিজৰ দোষ। ইয়াৰ পূৰ্বেও আৰু বহু চুৰিকাণ্ডৰ লগত জড়িত আছিল চোৰটো।

বৰমাত আটক উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰ লগত জড়িত এটা দুৰ্ধৰ্ষ চোৰ

উল্লেখ্য যে,বৰমা আৰক্ষীৰ দলটোৱে চামচুল আলীক গ্ৰেপ্তাৰ কৰিবলৈ যাওতে তেওঁৰ ঘৰত এখন নম্বৰ প্লেট বিহিন য়ামাহা আৰ এক্স 150 উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় উক্ত বাইকখন ৷ লগতে ৰহস্যজনকভাৱে পলাতক অৱস্থাত আছে চামচুল আলীৰ ভায়েক আজিজুল আলী ৷

ABOUT THE AUTHOR

...view details