বৰমা, 1 মেঃ আৰক্ষীৰ এটা দলে বুধবাৰে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে চাৰিটাকৈ চোৰ গ্ৰেপ্তাৰ কৰাৰ পাচতে বাক্সা জিলাৰ বৰমাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় চামচুল আলী নামৰ আন এটা চোৰ ৷ বৰমাৰ পাহেলা আলীৰ পুত্ৰ চামচুল আলী পূৰ্বেও বহু চুৰি কাৰ্যৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ডঃ বৰমাত গ্ৰেপ্তাৰ আন এটা চোৰ
উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ডৰ লগত জড়িত আন এক অভিযুক্তক গ্ৰেপ্তাৰ ৷ বৰমাৰ পৰা গ্ৰেপ্তাৰ চুৰিকাণ্ডৰ লগত জড়িত চামচুল আলী ৷
উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ড : বৰমাত গ্ৰেপ্তাৰ আন এটা চোৰ
উল্লেখ্য যে, বুধবাৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰে৷ আটকাধীন চোৰ কেইটা ক্ৰমে,নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন, টিহুৰ আদিল আলী, মোকালমোৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায় ৷