অসম

assam

Saraswati Puja preparation: সমাগত সৰস্বতী পূজা, প্ৰতিমাত শেষ পৰশ মৃৎ শিল্পীৰ

By

Published : Feb 3, 2022, 4:54 PM IST

ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে সৰস্বতী পূজাৰ প্ৰস্তুতি (Saraswati puja preparation in Assam)। বাক্সাৰ মৃন্ময় শিল্পীসকলো ব্যস্ত হৈ পৰিছে । অৱশ্যে সৰস্বতী পূজা পূৰ্বৰ দৰে আয়োজন হ'ব নে নাই তাকলৈ এতিয়াও চিন্তিত শিল্পীসকল ।

Saraswati Puja
প্ৰতিমাত শেষ পৰশ মৃৎ শিল্পীৰ

বাক্সা,৩ ফেব্ৰুৱাৰী :সৰস্বতী পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী । ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছেবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি (Saraswati puja preparation in Assam)। দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত ৰাজ্যৰ মৃৎ শিল্পী সকল (Idol artists are busy preparing the Goddess Saraswati Idol)৷

সমাগত সৰস্বতী পূজা

বাক্সা জিলাৰ বৰমা, মুছলপুৰ, বাগানপাৰা, সুৱনখাটাকে ধৰি ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত মৃন্ময় মূৰ্তি যোগান ধৰাৰ বাবে সাজু হৈছে মৃৎ শিল্পীসকল । যাৰ বাবে ৰং তুলিকাৰে বাগদেৱীৰ প্ৰতিমা আকৰ্ষণীয় কৰি তুলিছে । কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে এতিয়াও ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ আছে ।

সেয়ে বিদ্যালয়সমূহে এইবছৰ পূৰ্বৰ দৰে সৰস্বতী পূজাৰ আয়োজন কৰিব নে নাই তাক লৈ চিন্তিত শিল্পীসকল । অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ মূৰ্তিও কমকৈ প্ৰস্তুত কৰিছে শিল্পীসকলে ।

লগতে পঢ়ক :বিশ্বনাথত জাতীয়তাবাদী নেতাই পৰিধান কৰিলে গেৰুৱা বসন

ABOUT THE AUTHOR

...view details