অসম

assam

ETV Bharat / state

চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

চৰকাৰৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷ দেওবাৰে বিধ্বস্ত গোৰেশ্বৰ পৌৰসভাৰ মাইনাওফুৰী চুবুৰীৰ মুখ্য পথটো নিৰ্মাণ কৰিলে গাঁৱৰ ৰাইজে (Road making by public in Tamulpur) ৷

road-making-by-public-in-tamulpur
চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ

By

Published : Apr 10, 2022, 10:23 PM IST

Updated : Apr 10, 2022, 10:29 PM IST

তামুলপুৰ, 10 এপ্ৰিল : তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰ পৌৰসভাৰ 6নং ৱাৰ্ডৰ ৰাইজে উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধনেৰে শিল-বালি ক্ৰয় কৰি মেৰামতি কৰিলে পথ ৷ বিগত কেইবাবছৰো গোৰেশ্বৰ পৌৰ সভাৰ মাইনাওফুৰী চুবুৰীৰ মুখ্য পথছোৱাই জলা-কলা খুৱাইছে ৰাইজক । উপায়ন্তৰ হৈ ৰাইজ ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ (public constructed road ) ৷

চৰকাৰৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নামৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো ৰাইজে নিজেই পথ নিৰ্মাণ কৰিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । ‘‘বৰ্তমানৰ বিজেপি আৰু ইউপিপিএল চৰকাৰে পথটোৰ জোখ মাপ কৰিছে যদিও পথটো হোৱাৰ আশা দেখা নাই ৷ কিয়নো পূৰ্বে বিপিএফ চৰকাৰেও পথটোৰ জোখ মাপ বহুবাৰ কৰিছিল আৰু ৰাইজক পথ হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল । কিন্তু নহ’ল, গোৰেশ্বৰ পৌৰসভাক আমি কৰ দি আছোঁ যদিও কোনো সুবিধা পোৱা নাই ।’’ এই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে ৷

চৰকাৰলৈ বাট নাচাই নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ

লগতে পৌৰসভাখনৰ এটা ডাষ্টবিন দিয়াৰো সামৰ্থ নাই বুলি মন্তব্য কৰি ৰাইজে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিছে বুলি আন এক অভিযোগ কৰে ।

অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ প্ৰায় প্ৰত্যেক দিনাই উন্নয়নৰ কথাৰে ফুলজাৰি মৰা বৰ্তমানৰ চৰকাৰখনে এই পৌৰসভাখনৰ উন্নয়নৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিব সেয়া সময়ত হে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :হাফলঙত আৰম্ভ তিনিদিনীয়া অসমী বহাগী মেলা

Last Updated : Apr 10, 2022, 10:29 PM IST

ABOUT THE AUTHOR

...view details