অসম

assam

বৰমা শাখা বড়ো সাহিত্য সভাৰ 50 বছৰৰ প্ৰস্তুতি

By

Published : Nov 4, 2019, 2:32 AM IST

অসমৰ অন্যতম বড়োসকলৰ ভাষা-সংস্কৃতিৰ অন্যতম অনুষ্ঠান বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে যোজা কৰা হৈছে বৰমাত ৷ বৰমা শাখা সাহিত্য সভাৰ 50 বৰ্ষপূৰ্তি উপলক্ষে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 16 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হ'ব বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷

বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

বৰমা, 3 নৱেম্বৰঃবড়োসকলৰ ভাষা-সংস্কৃতিৰ বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সাজু হৈছে বৰমাবাসী ৷ বাক্সা জিলাৰ বৰমাত অহা 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব ৷ 16 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ বাবে দেওবাৰে বৰমাত লাইখুঁটা স্থাপন কৰা হয় ৷

লগতে পঢ়কঃ বিশিষ্ট সংগীত পৰিচালক জিতু-তপনক "অসম জাতীয় বিদ্যালয় সন্মান"

বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে বৰমাবাসীৰ বাবে গৌৰৱৰ বিষয় হৈছ বৰমা শাখা বড়ো সাহিত্য সভা ৷ চলিত বৰ্ষত বৰমা শাখা বড়ো সাহিত্য সভাই গৌৰৱোজ্জল 50 বৰ্ষ সম্পূৰ্ণ কৰিব ৷ ইয়াৰ বাবেই বৰমাৰ বাথৌফুৰী সৌমখৌৰ পথাৰত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন কৰা হয় ৷ ৬২ নং বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন কৰে ৷

বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

লাইখুঁটা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় য়ে, 'এটা জাতি জীয়াই থাকিবলৈ হ'লে সেই জাতিটোৰ ভাষা, সংস্কৃতি থাকিব লাগিব ৷ ভাষা অবিহনে এটা জাতিয়ে নিজৰ পৰিচয় দিব নোৱাৰে ৷' তিনিদিনীয়াকৈ উদযাপন কৰিবলগীয়া প্ৰতিষ্ঠা দিৱসৰ বাবে ইতিমধ্যে ৰজনীমোহন বড়োক সভাপতি আৰু দুলাল স্বৰ্গীয়াৰীক সম্পাদক হিচাপে লৈ এখন উদযাপন কমিটী গঠন কৰা হৈছে ৷ প্ৰায় 12 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বহুটো প্ৰতিনিধিৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব ৷

ABOUT THE AUTHOR

...view details