অসম

assam

By

Published : Jun 12, 2020, 9:45 PM IST

ETV Bharat / state

বিটিচিত দুৰ্নীতিত লিপ্ত কোনো লোক সাৰি যাব নোৱাৰেঃৰাজ্যপাল জগদীশ মুখী

বিটিচিত চলি থকা দুৰ্নীতি সন্দৰ্ভত সৰৱ হৈ পৰে ৰাজ্যপালগৰাকী ৷ বিটিচিত বৰ্তমান সময়ত যিয়ে দুৰ্নীতি কৰি আছে তেওঁলোক কোনো সাৰি যাব নোৱাৰে বুলিও স্পষ্টকৈ নিজৰ মন্তব্যত উল্লেখ কৰে । পৰৱৰ্তী বিটিচি চৰকাৰখনক এখন দুৰ্নীতি মুক্ত চৰকাৰ উপহাৰ দিব বুলিও কয় ৰাজ্যপাল জগদীশ মুখীয়ে ৷

Governor Jagdish Mukhi said that who involved in BTC's corruption they will be eliminated
বিটিচিত দুৰ্নীতিত লিপ্ত কোনো লোক সাৰি যাব নোৱাৰেঃৰাজ্যপাল জগদীশ মুখী

বৰমা,12 জুনঃ বিটিচিৰ শাসনভাৰ লোৱাৰ পিছতে পোন প্ৰথমবাৰৰ বাবে আজি মুছলপুৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । ৰাজ্যপালগৰাকীয়ে প্ৰথমে বৰবৰীস্থিত পুলিচ ৰিজাৰ্ভত উপস্থিত হৈ গছপুলি ৰোপণ কৰে । ইয়াৰ পিছতে এখন সংবাদমেল সম্বোধন কৰি বিটিচিত চলি থকা দুৰ্নীতি সন্দৰ্ভত সৰৱ হৈ পৰে ৰাজ্যপালগৰাকী ৷ বিটিচিত বৰ্তমান সময়ত যিয়ে দুৰ্নীতি কৰি আছে তেওঁলোক কোনো সাৰি যাব নোৱাৰে বুলিও স্পষ্টকৈ নিজৰ মন্তব্যত উল্লেখ কৰে ।

বিটিচিত দুৰ্নীতিত লিপ্ত কোনো লোক সাৰি যাব নোৱাৰেঃৰাজ্যপাল জগদীশ মুখী

পৰৱৰ্তী বিটিচি চৰকাৰখনক এখন দুৰ্নীতি মুক্ত চৰকাৰ উপহাৰ দিব বুলিও কয় ৰাজ্যপাল জগদীশ মুখীয়ে ৷ সংবাদমেলৰ পূৰ্বে ৰাজ্যপাল গৰাকীয়ে জিলাৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ পৰা কাম কাজৰ খতিয়ান লোৱাৰ লগতে জিলাখনৰ ২৪ টা ৰাজনৈতিক তথা অৰাজনৈতিক সংগঠনৰ সৈতে মিলিত হৈ জিলাখনৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে ৷

লগতে পঢ়কঃ ৰঙিয়াত ছাত্ৰনেতাই সাজি দিলে অসহায় বৃদ্ধাৰ গৃহ

ABOUT THE AUTHOR

...view details