অসম

assam

ETV Bharat / state

বাক্সাত গড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়নৰ এজন জোৱান

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ গড়ৰ আক্ৰমণত নিহত হৈছে এগৰাকী ফৰেষ্ট বেটেলিয়নৰ জোৱান ৷

forest guard dies of rhino attack
বাক্সাত গড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ন জোৱান

By

Published : Apr 9, 2021, 3:56 PM IST

বাক্সা, 9 এপ্ৰিল : ৰাজ্যত গঁড় হত্যাৰ খবৰ নতুন নহয়, পৃথিৱী বিখ্যাৎ এশিঙীয়া গঁড় চোৰাং চিকাৰীৰ হাতত নিহত হোৱাৰ খবৰে প্ৰায়েই কন্দুৱাই আহিছে ৰাজ্যবাসীক ৷ পিছে, এইবেলি সংঘটিত হোৱা এক বিপৰীত ঘটনাই অশ্ৰুসিক্ত কৰিছে বহুজনৰ দুচকু ৷

বাক্সাত গড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ন জোৱান

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা ৰেঞ্জত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ সতীৰ্থৰ সৈতে কেম্পৰ পৰা বজাৰলৈ ওলাই অহাৰ সময়তে গঁড়ৰ আক্ৰমণত নিহত হৈছে এগৰাকী ফৰেষ্ট বেটেলিয়নৰ জোৱান ৷ নিহত জোৱান গৰাকী বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাৰ অনিমেশ ডেকা ৷ জানিব পৰা মতে, মাত্ৰ তিনি মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল এই শোকাৱহ ঘটনাৰ বলি হোৱা জোৱান গৰাকী ৷

লগতে পঢ়ক :ৰহাৰ মণিপুৰটুপত ভয়ানক অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details