অসম

assam

ETV Bharat / state

বাক্সাত বাল্টি নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈ পৰীয়া ৰাইজ

বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ১ নং দৰঙাগাঁৱৰ নৈপৰীয়া ৰাইজ এতিয়া বাল্টি নৈৰ গৰাখহনীয়াক লৈ চিন্তিত হৈ পৰিছে ৷ নিশা হোৱাৰ আগে আগে নিজৰ নিজৰ ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ETV BHARAT
বাক্সাত বাল্টি নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈ পৰীয়া ৰাইজ

By

Published : May 22, 2020, 8:42 PM IST

বাক্সা,22মেঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ বাল্টি নৈৰ গৰাখহনীয়াক লৈ এতিয়া শংকিত হৈ পৰিছে ১ নং দৰঙাগাঁৱৰ ৰাইজ ৷ বিগত চাৰি বছৰ ধৰি বাল্টি নদীৰ বুকুত জাহ গৈছে ঘৰ মাটি ভেটি ।

বাক্সাত বাল্টি নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈ পৰীয়া ৰাইজ

চতুৰ্থ পৰ্যায়ৰ লক ডাইন চলি থকাৰ সময়তেই বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ১ নং দৰঙাগাওৰ নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা বাল্টি নদীৰ বুকুত বিগত বৰ্ষত গৰাহখনীয়াই অঞ্চলটোত ভূত ওপৰত দানৱ পৰা দি চপৰা চপৰে খহাই নিছিল ঘৰ মাটি-ভেটি । তাৰোপৰি আদিবাসী সম্প্ৰদায়ৰ আঠটা পৰিয়ালৰ বিগত চাৰি বছৰ ধৰি প্ৰায় ৫০ বিঘা মাটি বাল্টি নদীৰ বুকুত জাহ গৈছে । যাৰ ফলত এতিয়া উক্ত পৰিয়ালৰ লোক সকলে নিশা হোৱাৰ আগে আগে নিজৰ নিজৰ ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলি সদৰি কৰে ভোক্তভোগী লোক সকলে । উক্ত ঘটনাটোৰ বিষয়ে দীৰ্ঘ দিনৰে পৰা স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক জনাইছিল আহিছিল যদিও গৰাহখনীয়া পৰিদৰ্শন কৰিবলৈ কেইবাগৰাকীও জনপ্ৰতিনিধিৰ আগমন ঘটিছিল ৷ কিন্তু গৰাখনীয়া প্ৰতিৰোধ কৰাৰ বাবে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৰাইজে । অতি শীঘ্ৰে উক্ত অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-ধুবুৰী কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details