অসম

assam

ETV Bharat / state

গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্ম্য, ব্যৰ্থ প্ৰশাসন!!

ডাম্পাৰৰ মালিক পক্ষ আৰু আৰক্ষী প্ৰশাসনৰ মাজত বৃহৎ ধনৰ লেন দেন থকাৰ অভিযোগ স্থানীয় ৰাইজৰ

By

Published : May 29, 2019, 11:57 PM IST

ডাম্পাৰৰ দৌৰাত্ম্য

তামুলপুৰ,২৯ মে': বাক্সা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাত বুধবাৰে দিনৰ প্ৰায় ১ মান বজাত নাওকটা দিশৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰ এখনে মহৰিপাৰা চকত কাম কৰি থকা দিগম্বৰ নাথ আৰু ৰাজেন নাথ লোক দুজনক মহতিয়াই গুৰুতৰ ভাৱে আঘাত কৰে । স্থানীয় ৰাইজে লোক দুজনক ততালিকে গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। পিছত ৰাইজে ডাম্পাৰখন আৱদ্ধ কৰি গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে গোৰেশ্বৰ, মহৰিপাৰা,নাওকটা অঞ্চলটোত সঘনে ডাম্পাৰ দুৰ্ঘটনা হৈ থাকে বাবে স্থানীয় ৰাইজ আৰু দল সংগঠনে বাৰম্বাৰ প্ৰশাসনক ডাম্পাৰ সমূহ দিনৰ ভাগত বন্ধ ৰাখিবলৈ আহ্বান জনাই আহিছে যদিও এই দাবীক প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই । ডাম্পাৰৰ মালিকপক্ষ আৰু আৰক্ষী প্ৰশাসনৰ মাজত বৃহৎ ধনৰ লেন দেন থকাৰ বাবে প্ৰশাসনে ডাম্পাৰৰ ওপৰত কোনো ব্যৱস্থা ল'ব পৰা নাই বুলি সম্প্ৰতি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ডাম্পাৰৰ দৌৰাত্ম্য

ABOUT THE AUTHOR

...view details