অসম

assam

ETV Bharat / state

বাক্সাত দৌল মহোৎসৱৰ সামৰণি

জালাহ গাঁৱৰ দৌল মহোৎসৱ বৃহত্তৰ এলেকাৰ কোচ-ৰাজবংশী, মদাহী কলিতা আৰু বড়ো জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ শতবৰ্ষ ধৰি পালন কৰি আহিছে । পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও এই মহোৎসৱত অংশগ্ৰহণ কৰি হোলী খেলি এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

doll festival concluded at baksa
বাক্সাত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি

By

Published : Mar 30, 2021, 4:57 PM IST

বাক্সা,৩০ মাৰ্চ:বাক্সা জিলাৰ জালাহ গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সোমবাৰে নিশা নামতিৰ নাম প্ৰসংগৰে সামৰণি পৰে । সোমবাৰে বিয়লি বহু সংখ্যক ভক্তৰ উপস্থিতিত এক উদুলি-মুদুলি পৰিৱেশৰ মাজত গোঁসাইক মুকলি পথাৰত হেকটি খুওৱাবলৈ নিয়া হয় । মুকলি পথাৰত গোঁসাইক স্থাপন কৰি পৰম্পৰাগত ৰীতি-নীতিৰে সেৱা লৈ এক মাদকতাপূৰ্ণ পৰিৱেশৰ মাজত গোঁসাইক কীৰ্তন ঘৰলৈ অনা হয় । কীৰ্তন ঘৰৰ চাৰিওফালে ভক্তসকলে হোলী গীত গাই গোঁসাইক সাত পাক পৰিদৰ্শন কৰাৰ পিছত বাঁহ ভঙা কাৰ্যসূচী ৰূপায়ণ কৰে ।

বাক্সাত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ সামৰণি

বাঁহ ভঙাৰ পাছত এখন নাটিকাৰ মাধ্যমেৰে গোঁসাইক মন্দিৰত স্থাপন কৰা হয় ৷ ইয়াৰ লগে লগে গোঁসাইৰ মন্দিৰত প্ৰৱেশ কাৰ্যৰ সামৰণি পৰে । উল্লেখ্য যে, জালাহ গাঁৱৰ এই দৌল মহোৎসৱ বৃহত্তৰ এলেকাৰ কোচ-ৰাজবংশী, মদাহী কলিতা আৰু বড়ো জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ শতবৰ্ষ ধৰি পালন কৰি আহিছে । পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও এই মহোৎসৱত অংশগ্ৰহণ কৰি হোলী খেলি এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক :পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details