অসম

assam

বেঁকী নৈৰ গৰাখহনীয়া ৰোধ কৰা হ’ব: প্ৰমোদ বড়ো

By

Published : May 30, 2021, 10:00 PM IST

Updated : May 30, 2021, 10:58 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷ বেঁকী নৈৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত গুৰুত্ব চৰকাৰে গুৰুত্ব দিব বুলি মন্তব্য বড়োৰ ৷ বিটিআৰত হাইস্কুল টে'টত উৰ্ত্তীণ সকলক কম দিনৰ ভিতৰতে নিযুক্তি প্ৰদান কৰা হ’ব বুলিও মন্তব্য নেতাগৰাকীৰ ৷

বেঁকী নদীৰ গৰাখহনীয়া ৰোধ কৰা হ’ব: প্ৰমোদ বড়ো
বেঁকী নদীৰ গৰাখহনীয়া ৰোধ কৰা হ’ব: প্ৰমোদ বড়ো

বাক্সা, ৩০ মে': বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেওবাৰে আকস্মিকভাৱে উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । উপস্থিত হৈ বড়োৱে মানাহৰ বাঁহবাৰী বন বিষয়াৰ কাৰ্যালয়ত উদ্যানখনৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সাংবাদিকে মানাহৰ মাজেৰে বৈ যোৱা বেঁকী নৈৰ বান গৰাখহনীয়া সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

বেঁকী নদীৰ গৰাখহনীয়া ৰোধ কৰা হ’ব: প্ৰমোদ বড়ো

তেওঁ কয় যে, বেঁকী নৈৰ বান গৰাখহনীয়া তেওঁলোকৰ কাৰ্যবাহী সদস্যসকলে ইতিমধ্যে পৰিদৰ্শন কৰিছে আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰৰ লগত মিলিত হৈ স্থায়ী সমাধানৰ বিষয়ে আলোচনা কৰিব । ড্ৰাগছ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত বড়োৱে পুনৰ কয় যে, বিটিআৰক ড্ৰাগছ মুক্ত কৰিবলৈও প্ৰশাসনৰ দ্বাৰা আপ্ৰাণ চেষ্টা চলাই থকা হৈছে । চাৰি মাহৰ ভিতৰতে বিটিআৰ খনক ভিন্ন দিশত ভালেখিন আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে বুলিও বড়োৱে মন্তব্য কৰে ।

আনহাতে টে'ট সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত বিটিআৰত হাইস্কুল টে'টত উৰ্ত্তীণসকলক কম দিনৰ ভিতৰতে নিযুক্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ৷ বিটিআৰৰ এল পি, এম ই স্কুলৰ বাবেও অতি সোনকালেই নতুনকৈ টে'ট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তেওঁ মন্তব্য কৰে ৷ প্ৰমোদ বড়োৰ লগত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু ৰাকেশ ব্ৰহ্ম উপস্থিত থাকে ।

লগতে পঢ়ক :কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

Last Updated : May 30, 2021, 10:58 PM IST

ABOUT THE AUTHOR

...view details