অসম

assam

ETV Bharat / state

বাক্সাত 24 নম্বৰ SSBৰ খাদ্য-সামগ্ৰী বিতৰণ

ভাৰত ভূটানৰ সীমান্তৰ বগাজুলীৰ বাথৌগুৰীস্থিত এম ই স্কুলৰ প্ৰাঙ্গনত 24 নম্বৰ SSB জোৱান সকলে দুখীয়া লোকৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য-সামগ্ৰী ৷ SSB ৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷

ETV BHARAT
বাক্সাত 24 নম্বৰ এছ এছ বিৰ খাদ্য-সামগ্ৰী বিতৰণ

By

Published : Apr 28, 2020, 6:02 PM IST

বাক্সা, 28 এপ্ৰিলঃ বাক্সাৰ ৰঙিয়াস্থিত 24 নং SSB বাহিনীৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণ কৰে। ভাৰত ভূটান সীমান্তৰ বগাজুলীৰ বাথৌগুৰীস্থিত এম ই স্কুলৰ প্ৰাংগণত দুখীয়া লোকৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য-সামগ্ৰী ৷

বাক্সাত 24 নম্বৰ এছ এছ বিৰ খাদ্য-সামগ্ৰী বিতৰণ

সমগ্ৰ দেশতে চলি থকা লক ডাউনৰ বাবে দৰিদ্ৰ লোকসকল খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে । তেনে সময়তে মঙলবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটানৰ সীমান্তৰ বগাজুলীৰ বাথৌগুৰীস্থিত এম ই স্কুলৰ প্ৰাংগণত 24 নং SSB য়ে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ অঞ্চলটোৰ প্ৰায় ২০০ টা দুখীয়া পৰিয়ালৰ মাজত SSB জোৱানসকলে খাদ্য সামগ্ৰী বিতৰণ কৰে। দুখীয়া লোকসকলক চাউল,মিঠাতেল,আলু,পিয়াঁজ,নিমখ,চয়াবিন,চাবোন,আদি বিতৰণ কৰে । এই কাৰ্যসূচীত ৰঙিয়াৰ 24নং SSBৰ ডেপুতি কামাণ্ডেন্ট দীপক চাহী উপস্থিত থাকে । SSB ৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷

লগতে পঢ়ক- লক ডাউনৰ সম্পূৰ্ণ বিপৰীত ছবি যোৰহাটত

ABOUT THE AUTHOR

...view details