বাক্সা, ২মাৰ্চ : ভাৰত-ভূটান সীমান্তত দাম্পাৰৰ দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে কুমাৰীকাটা বন বিভাগৰ বিশেষ সাফল্য । শুকুৰবাৰে কুমাৰীকাটা বন বিভাগে ভূটানৰ পৰা অবৈধ ভাবে শিল কঢ়িওৱা দুখনকৈ দাম্পাৰ জব্দ কৰে ।
বাক্সাত জব্দ অবৈধভাৱে শিল কঢ়িওৱা ২ খন দাম্পাৰ শুকুৰবাৰে সন্ধিয়াৰ ভাগত এক বিশেষ সূত্রৰ পম খেদি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী বীৰেন বড়োৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে দৰংগামেলা এছ এছ বিৰ সহযোগত ভাৰত-ভূটান সীমান্তত অভিযান চলায়। এই অভিযান কালত দলটোৱে চালান বিহীন ভাবে ভূটান ৰাষ্ট্ৰৰ পৰা শিল কঢ়িয়াই ভাৰতত প্ৰবেশ কৰাAS-25-DC-2003 আৰুAS-25-D C-2004 নম্বৰৰ দাম্পাৰ দুখন জব্দ কৰাৰ লগতে বাহনদুখনৰ চালক দুজনকো আটক কৰে । উল্লেখ্য় যে অবৈধ ভাৱে বিদেশী ৰাষ্ট্ৰৰ পৰা শিল কঢ়িওৱা দাম্পাৰ দুখনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে বন বিষয়াই।