অসম

assam

ETV Bharat / sports

টকিঅ' অলিম্পিক: 9 গৰাকী মহিলা হকী খেলুৱৈক 50 লাখকৈ দিব হাৰিয়ানা চৰকাৰে - মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰ

টকিঅ' অলিম্পিকৰ যিকোনো খেলত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী খেলুৱৈলৈ একে পুৰস্কাৰ আগবঢ়াব হাৰিয়ানা চৰকাৰে । শুকুৰবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে(Manohar Lal Khattar) ঘোষণা কৰে যে, অলিম্পিকত অংশ লৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাজ্যখনৰ ৯ গৰাকী মহিলা হকী খেলুৱৈলৈ হাৰিয়ানা চৰকাৰে নগদ ৫০ লাখকৈ টকা আগবঢ়াব ।

Haryana to give Rs 50 lakh each to state's 9 women's hockey players
অলিম্পিকত অংশ লোৱা ৯ গৰাকী মহিলা হকী খেলুৱৈলৈ ৫০ লাখ টকা হাৰিয়ানা চৰকাৰৰ

By

Published : Aug 7, 2021, 12:53 PM IST

স্পৰ্টছ ডেস্ক, ৭ আগষ্ট: পদক লাভ নকৰিলেও টকিঅ' অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দেশবাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক সন্মানিত কৰাৰ বাবে হাৰিয়ানা চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অলিম্পিকত ভাৰতীয় হকী দলক প্ৰতিনিধিত্ব কৰা হাৰিয়ানাৰ ৯ গৰাকী মহিলা হকী খেলুৱৈলৈ ৰাজ্য চৰকাৰে নগদ ৫০ লাখকৈ টকা আগবঢ়াব ।

শুকুৰবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে(Manohar Lal Khattar) ঘোষণা কৰে যে, টকিঅ' অলিম্পিকৰ যিকোনো খেলত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী খেলুৱৈলৈ একে পুৰস্কাৰ আগবঢ়াব হাৰিয়ানা চৰকাৰে । তেওঁ লগতে কয় যে, ইয়াৰ পূৰ্বে ৰাজ্যখনত অলিম্পিকৰ বিভিন্ন খেলত চতুৰ্থ স্থানত থকা খেলুৱৈসকলক পুৰস্কৃত কৰাৰ কোনো ব্যৱস্থা নাছিল ।

খট্টৰে টুইটযোগে মহিলা হকী খেলুৱৈসকলক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে অলিম্পিকত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় মহিলা হকী দলক অভিনন্দন জনায় । উল্লেখ্য যে, শুকুৰবাৰে টকিঅ'ত অনুষ্ঠিত ব্ৰঞ্জ পদকৰ বাবে অনুষ্ঠিত প্লে-অফ খেলখনত গ্ৰেট ব্ৰিটেইনৰ হাতত ৩-৪ গ'লত পৰাস্ত হৈ চতুৰ্থ স্থানত থাকে ভাৰতীয় মহিলা হকী দলটো ।

আনহাতে, পৰাজয় বৰণ কৰিবলগীয়া হ'লেও সামগ্ৰিকভাৱে টকিঅ' অলিম্পিকত মহিলা হকী দলৰ প্ৰদৰ্শন প্ৰশংসনীয় আছিল । হাৰিয়ানা আৰু পঞ্জাৱত বহু খেলুৱৈৰ পৰিয়ালে ভাৰতৰ জয়ৰ আশাত টেলিভিছনৰ সন্মুখত বহি অপেক্ষা কৰিছিল । খেলৰ শেষত অধিনায়ক ৰাণীৰ পিতৃ ৰামপালে কুৰুক্ষেত্ৰৰ শ্বাহাবাদস্থিত ঘৰত সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতীয় দলটোৰ প্ৰদৰ্শন ভাল আছিল, কিন্তু অলিম্পিক পদক লাভ নকৰাটোহে দুৰ্ভাগ্যজনক কথা ।

এই পৰাজয়ে পুনৰ দুগুণ উৎসাহেৰে প্ৰস্তুতি চলাবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ মন্তব্য কৰে । আনহাতে, গ'লৰক্ষক সবিতা পুনিয়াৰ পিতৃ মহেন্দ্ৰ পুনিয়াই কয় যে, হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই । তেওঁ কয় যে, "খেলৰ ফলাফল তেওঁলোকৰ পক্ষত নহ'ব পাৰে, কিন্তু তেওঁলোকে সঁচাকৈয়ে ভাল খেলিছিল ।" নেহা গোৱেলৰ মাতৃ সাবিত্ৰী গোৱেল খেল চাই থাকোতে আৱেগিক হৈ পৰিছিল ।

লগতে পঢ়ক:টকিঅ' অলিম্পিক: দুৰ্দান্ত প্ৰদৰ্শনেৰে 4-3 গ’লত থমকিল ভাৰতীয় মহিলা হকী দল

ABOUT THE AUTHOR

...view details