স্পৰ্টছ ডেস্ক,১২ ছেপ্টেম্বৰ :টকিঅ' পেৰালিম্পিকত ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা পেৰা খেলুৱৈসকলৰ (Para-athletes) সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) বিশেষ বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰী মোডী আৰু খেলুৱৈ সকলৰ বাৰ্তালাপৰ এটা ভিডিঅ' দেওবাৰে প্ৰকাশ কৰা হয় । ৯ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাসগৃহত টকিঅ' ২০২০ পেৰালিম্পিক (Tokyo Paralympic) গেমছৰ ভাৰতীয় দলটোৰ সৈতে বাৰ্তালাপ কৰে । দলটোত পেৰা খেলুৱৈসকলৰ লগতে প্ৰশিক্ষকসকলো উপস্থিত থাকে ।
বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক এই গেমছত তেওঁলোকৰ অভিলেখ ভংগকাৰী ঐতিহাসিক প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলোকৰ এই সাফল্যই দেশৰ সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব আৰু উদীয়মান খেলুৱৈসকল ক্ৰীড়াৰ প্ৰতি আৰু বেছি আগ্ৰহী হ'ব । তেওঁ লগতে কয় যে, ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনে ক্ৰীড়া সম্পৰ্কে সজাগতা সৃষ্টিত যথেষ্ট সহায় কৰিব ।