অসম

assam

ETV Bharat / sports

দুমাহৰ অন্তত ট্ৰেকলৈ প্ৰত্যাৱৰ্তন দুতী চান্দৰ

ভূৱেনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত পুনৰ দুমাহৰ অন্তত অনুশীলনত নামিল ভাৰতৰ মহিলা এথলিট দুতী চান্দ । আগন্তুক সময়ত টকিঅ' অলিম্পিকৰ যোগ্যাতা লাভৰ বাবে কঠিন পৰিশ্ৰমত নিয়োজিত হ'ব খেলুৱৈগৰাকী ।

By

Published : May 26, 2020, 3:41 PM IST

Star sprinter Dutee Chand returns to track after 2 months
Star sprinter Dutee Chand returns to track after 2 months

স্পৰ্টছ ডেস্ক, ২৬ মে': নিজৰ গৃহৰাজ্য ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত দুমাহৰ অন্তত পুনৰ অনুশীলনত দেখা পোৱা গ'ল ভাৰতীয় প্ৰসিদ্ধ মহিলা এথলিট দুতী চান্দক । লকডাউন আৰু কৰ'ণা ভাইৰাছৰ ফলতেই বিগত দুমাহ ধৰি অনুশীলনৰ পৰা বিৰত আছিল খেলুৱৈগৰাকী ।

২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ চৰকাৰে ট্ৰেক মুকলি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এতিয়াৰ পৰা নিজৰ ফিটনেছ উন্নত কৰাৰ ওপৰত কাম কৰিম বুলি উল্লেখ কৰে । লক্ষ্যণীয় যে, বৰ্তমান সময়ত দুতীৰ লগত কোনো নাই, তেওঁৰ প্ৰশিক্ষকো নাই । এই কথা স্বয়ং সদৰী কৰে দুতীয়ে ।

পুনৰ অনুশীলনত দুতী চান্দ

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা জাৰী কৰা নীতি-নিয়ম অনুসৰিয়ে অনুশীলনত নামিছে খেলুৱৈগৰাকী । খেলুৱৈগৰাকীয়ে বৰ্তমান সময়ত দৌৰৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি নিজৰ সৰ্বশ্ৰেষ্ঠত উপনীত হ'বলৈ ২-৩ মাহ সময়ৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিয়ে । আনহাতে পোন প্ৰথমবাৰৰ বাবে অলিম্পিক স্থগিত হোৱাৰ পাচত আগন্তুক সময়ত টকিঅ' অলিম্পিকলৈ যোগ্য়তা অৰ্জন কৰাৰ বাবে কঠিন পৰিশ্ৰম কৰাৰ কথাও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details