অসম

assam

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020 ৰ বিশদ বিৱৰণ

By

Published : Aug 29, 2020, 1:53 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020 ৰ বিশদ বিৱৰণ

Key details about National Sports Awards 2020
ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

স্পৰ্টছ ডেস্ক, 29 আগষ্ট : প্ৰতি বছৰে 29 আগষ্টৰ দিনটোত ভাৰতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে ৷ হকীৰ যাদুকৰ ধ্যান চাঁন্দৰ জন্মদিনটোত এই দিৱসৰ উদযাপন কৰা হয় ৷ আজিৰ দিনটোতে 1905 চনত ধ্যান চাঁন্দৰ জন্ম হৈছিল ৷ তেওঁ দেশৰ বাবে 1928, 1932 আৰু 1936 চনত তিনিটাকৈ অলিম্পিকৰ স্বৰ্ণ পদক দখল কৰাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছিল ৷ প্ৰায় 22 বছৰীয়া তেওঁৰ ক্ৰীড়া পৰিক্ৰমাত তেওঁ দিছিল 400 টাকৈ গ'ল ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

ৰাষ্ট্ৰীয় খেল দিৱস হিচাপেও পৰিচিত এই দিনটো সমগ্ৰ দেশতে পালন কৰা হয় ৷ ইয়াৰ জৰিয়তে প্ৰতিজন লোকৰ জীৱনত ক্ৰীড়াৰ গুৰুত্বতা তথা সজাগতা বৃদ্ধিৰ চেষ্টা কৰা হয় ৷ ক্ৰীড়া দিৱসৰ দিনটোত ভাৰতীয় এথলীটসকলৰ ভাল প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মান প্ৰদৰ্শন কৰে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

উল্লেখ্য যে, ক'ভিড-19 মহামাৰীৰ বাবে এইবছৰৰ বঁটা প্ৰদান প্ৰক্ৰিয়া কিছু পলমকৈ আয়োজন কৰা হয় ৷ প্ৰতিবছৰে মন্ত্ৰণালয়ে এপ্ৰিল মাহত মনোনয়নৰ বাবে আহ্বান জনায় আৰু 29 আগষ্টৰ দিনা এই বঁটা প্ৰদান কৰে ৷ ভাৰতীয় ক্ৰীড়া পৰিষদে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে তালিকাভূক্ত হোৱা খেলুৱৈসকলৰ নাম ঘোষণা কৰে ৷ ন্যায়াধীশ মুকুন্দকাম শৰ্মাৰ নেতৃত্বাধীন এক নিৰ্বাচনী পেনেলে অৰ্জুন বঁটাৰ বাবে 29 গৰাকী এথলীটৰ নাম নিৰ্বাচিত কৰে ৷ সেই অনুসৰি, আজিৰ দিনটোতে ৰাষ্ট্ৰপতি ভৱনত ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে বঁটা প্ৰদান অনুষ্ঠান আয়োজিত কৰা হ'ব ৷ এই বঁটাসমূহক চাৰিটা বিশেষ ভাগত ভাগ কৰা হৈছে :

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

খেল ৰত্ন :

এজন এথলীটৰ চাৰি বছৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয় ৷ বঁটা বিজয়ীগৰাকীয়ে লাভ কৰে এটা মেডেল, প্ৰমাণ পত্ৰ, এযোৰ কাপোৰ আৰু 7.50 লাখ টকাৰ পুৰস্কাৰ ৷

অৰ্জুন বঁটা :

পূৰ্বৰ চাৰি বছৰ আৰু চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি এই বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা লাভ কৰা এথলীটগৰাকীৰ ভাল নেতৃত্ব গুণ, খেলুৱৈসূলভ মনোভাৱ আৰু নিয়মানুবৰ্তিতা থাকিব লাগিব ৷ এই বঁটাত থাকে অৰ্জুনৰ চিত্ৰ সম্বলিত ব্ৰঞ্জৰ পদক, এটা স্ক্ৰল আৰু 5 লাখ টকাৰ পুৰস্কাৰ ৷

ড্ৰোণাচাৰ্য বঁটা :

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলক সফলতা অৰ্জন কৰাত কঠোৰ পৰিশ্ৰম কৰা প্ৰশিক্ষকসকলক এই বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত থাকে 5 লাখ টকাৰ পুৰস্কাৰ ৷

ধ্যান চাঁন্দ বঁটা :

অৱসৰ গ্ৰহণৰ পাচতো ক্ৰীড়াক্ষেত্ৰৰ বাবে বিশেষ সেৱা আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় ৷ এই বঁটাত থাকে 5 লাখ টকাৰ পুৰস্কাৰ ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

ইয়াৰোপৰি, দেশৰ ৰাষ্ট্ৰপতিয়ে অন্যকেইটামান বঁটা আগবঢ়ায় :

টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা :

ইয়াৰ চাৰিটা ভাগ আছে- স্থল, জল, বায়ু দুঃসাহস আৰু জীৱনজোৰা সাধনা ৷ বিজয়ীসকলে পদক, প্ৰমাণ পত্ৰ আৰু 5 লাখ টকাৰ পুৰস্কাৰ লাভ কৰে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

ৰাষ্ট্ৰীয় খেল প্ৰত্যোসাহন পুৰস্কাৰ :

এই বঁটা চাৰিটা ভাগত প্ৰদান কৰা হয়- 1. যুৱ প্ৰতিভাক চিনাক্ত কৰি ইয়াৰ শ্ৰীবৃদ্ধি ঘটোৱা, 2. সন্মিলিত সামাজিক দায়বদ্ধতাৰে ক্ৰীড়াক উদগনি যোগোৱা, 3. ক্ৰীড়াৰ সৈতে জড়িত লোকৰ নিযুক্তি আৰু কল্যানমূলক ব্যৱস্থা গ্ৰহণ, 4. উন্নয়নৰ ক্ষেত্ৰত ক্ৰীড়া ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020

মৌলানা আবুল কালাম আজাদ ট্ৰফী :

1956-57 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ সকলো দিশতে শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা বিশ্ববিদ্যালয়ক এই বঁটা প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে ৷

লগতে পঢ়ক :ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ বাবে বৃ্দ্ধি কৰা হ'ব ধনৰাশিৰ পৰিমাণ: কিৰেণ ৰিজিজু

ABOUT THE AUTHOR

...view details