স্পৰ্টছ ডেস্ক, 30 জুলাই : বাৰ্মিংহামত অনুষ্ঠিত হ'বলগা কমনৱেলথ গেমছ, 2022 বহিষ্কাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে ভাৰতে ৷ ছুটিঙক এই প্ৰতিযোগিতাৰ তালিকাৰ পৰা বাহিৰ কৰাৰ পাছতে এনেদৰে ভাৰতে নিজৰ নিৰাশা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ প্ৰতিবেদন অনুসৰি,1966 চনৰ পৰা প্ৰতিবাৰেই কমনৱেলথ গেমছত স্থান লাভ কৰা এই খেলবিধৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নথকাৰ বাবেই বাৰ্মিংহামত ছুটিঙক বাদ দিয়া হৈছে ৷ ভাৰতীয় অলিম্পিক এছ'চিয়েছনৰ সভাপতি নৰিন্দৰ বাট্ৰাই ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুলৈ এক পত্ৰ প্ৰেৰণৰ জৰিয়তে কমনৱেলথ গেমছ বহিষ্কাৰৰ আবেদন জনায় ৷
উল্লেখ্য যে,ভাৰতে বহু বছৰ ধৰি ছুটিঙত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হৈ আহিছে ৷ সেয়েহে ছুটিঙক কমনৱেলথৰ পৰা বাহিৰ কৰিলে পদক তালিকাত ভাৰতৰ যথেষ্টখিনি ক্ষতি হোৱাৰ সম্ভাৱনা আছে ৷
এই সম্পৰ্কে ক্ৰীড়াক্ষেত্ৰৰ বহুকেইজন খেলুৱৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে -
অচন্তা শৰথ কমল (টেবুল টেনিছ)-ভাৰতীয় অলিম্পিক এছ'চিয়েছনে প্ৰতিটো খেলকে ধ্যানত ৰাখি কোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত ৷ এনেদৰে কমনৱেলথ বহিস্কাৰ কৰিলে অন্য খেলসমূহৰো ক্ষতি হ'ব ৷ ছুটিং ভাৰতৰ বাবে বহু মহত্বপূৰ্ণ খেল হোৱাৰ বাবেই এছ'চিয়েছনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷