অসম

assam

ETV Bharat / sports

15 দিনত চতুৰ্থটো স্বৰ্ণৰে উজলিছে হিমা

চেক ৰিপাব্লিকত উজলিছে ধিং এক্সপ্ৰেছ হিমা দাস ৷ 15 দিনৰ ভিতৰত অৰ্জন চতুৰ্থটো স্বৰ্ণ পদক ৷

By

Published : Jul 18, 2019, 12:04 PM IST

15 দিনত চতুৰ্থটো স্বৰ্ণ হিমাৰ

স্পৰ্টছ ডেস্ক, 18 জুলাইঃআন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াংগনত পুনৰ জিলিকিবলৈ সক্ষম হৈছে অসম কন্যা হিমা দাস ৷ বুধবাৰে চেক ৰিপাব্লিকত অনুষ্ঠিত হোৱা ‘টেব’ৰ এথলেটিক মীটছ’ প্ৰতিযোগিতাৰ 200 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে হিমা দাসে ৷ 23.25 ছেকেণ্ডৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে হিমাই ৷

হিমা দাসে ইয়াৰ পূৰ্বে 2 জুলাইত ইউৰোপত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল ৷ হিমাৰ পাচতেই 23.43 ছেকেণ্ডেৰে দ্বিতীয় স্থানত থাকে ভি. কে বিশ্ময়া ৷

ABOUT THE AUTHOR

...view details