স্পৰ্টছ ডেস্ক, 6 আগষ্ট : অলিম্পিকৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াৰ এথলীট ছেলী পিয়েৰছনে মঙলবাৰে চ'ছিয়েল মিডিয়াৰ জৰিয়তে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে ৷ ট'কিঅ' অলিম্পিকলৈ মাজত এটা বছৰ থকাৰ সময়তে ছেলীৰ এই অৱসৰে সকলোকে আচৰিত কৰি তুলিছে ৷ লণ্ডন অলিম্পিক, 2012 ৰ 100 মিটাৰ হাৰ্ডলছৰ স্বৰ্ণ পদকধাৰী ছেলী শেহতীয়াকৈ আঘাতৰ সৈতে যুঁজি আছিল ৷ 32 বৰ্ষীয় এথলীট গৰাকীয়ে ইনষ্ট'গ্ৰামৰ জৰিয়তে এথলেটিকছক বিদায় জনোৱাৰ কথা ঘোষণা কৰে ৷ "এইয়া মোৰ জীৱনৰ আটাইতকৈ ৰোমাঞ্চকৰ 16 টা বছৰ ৷ কিন্তু বৰ্তমান প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় শক্তিৰ অভাৱৰ বাবে মই অৱসৰ ঘোষণা কৰিছো' বুলি মন্তব্য কৰে ছেলীয়ে ৷
অষ্ট্ৰেলিয়াৰ 'গ'ল্ডেন গাৰ্ল' ছেলী পিয়েৰছনৰ অৱসৰ - লণ্ডন অলিম্পিক, 2012
এথলেটিকছকৰ পৰা বিদায় মাগিলে অলিম্পিকৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াৰ এথলীট ছেলী পিয়েৰছনে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে ছেলীয়ে ৷
'গ'ল্ডেন গাৰ্ল' ছেলী পিয়েৰছন
বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ আৰু এটা ৰূপ দখল কৰা ছেলীয়ে তেওঁৰ ক্ৰীড়াক্ষেত্ৰত লাভ কৰা উপলদ্ধিৰ বাবে অষ্ট্ৰেলিয়াৰ 'হল অৱ ফেম'ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে ছেলীয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও পূৰ্বৰ সাক্ষাৎকাৰত প্ৰশিক্ষক হিচাপে ভূমিকা পালন কৰিব বুলি মন্তব্য কৰিছিল তেওঁ ৷