অসম

assam

ETV Bharat / sports

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

ড0 টি. আও ক্ৰীড়াংগন খেলপথাৰত এতিয়া জোৰদাৰ অনুশীলনত নামিছে অসমৰ তিনিগৰাকীকৈ ফ্ল'ৰ বল খেলুৱৈ ৷ 8 আগষ্টৰ পৰা 12 আগষ্টলৈ চেক গণৰাজ্যত অনুষ্ঠিত হ’ব ফ্ল'ৰ বল প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব 17 খন ৰাষ্ট্ৰই ৷

By

Published : Jul 3, 2019, 4:46 AM IST

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

কলিয়াবৰ, 3 জুলাইঃঢাকাত পেচা প'ল প্ৰতিযোগিতাৰ পিচতে ফ্ল'ৰ বল প্ৰতিযোগিতাৰ বাবে চেক গণৰাজ্যলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে কলিয়াবৰৰ তিনি খেলুৱৈ ৷ অসমৰ প্ৰথমজন অলিম্পিয়ানৰ স্মৃতিৰ একমাত্ৰ স্থল ড0 টি. আও ক্ৰীড়াংগত চলাইছে জোৰদাৰ অনুশীলন ৷ 17 খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা চলিব 8 আগষ্টৰ পৰা 12 আগষ্টলৈ ৷

চেক গণৰাজ্যলৈ সাজু অসমৰ তিনি খেলুৱৈ

কিন্তু নানান সমস্যাৰে ভাৰাক্ৰান্ত কলিয়াবৰৰ ক্ৰীড়া ক্ষেত্ৰ ৷ অসমৰ প্ৰথমজন অলিম্পিয়ানৰ স্মৃতিৰ একমাত্ৰ স্থল ড0 টি. আও ক্ৰীড়াংগন খেলপথাৰৰ এতিয়া চৰম দুৰাৱস্থা ৷ ফ্ল'ৰ বলৰ খেল পথাৰৰ অভাৱত অনুশীলন চলাইছে জৰাজীৰ্ণ বাস্কেট বল কৰ্টত ৷ উল্লেখ্য যে, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নাগশঙ্কৰ স্থিত ড0 টি. আও গ্ৰাম‍্য ক্ৰীড়াংগন আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল ২০০১ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখে তদানীন্তন অসমৰ ৰাজ‍্যপাল লে. জে. (অৱসৰপ্ৰাপ্ত) এচ. কে. সিনহাই । অসমৰ প্ৰথমজন 'অৰ্জুন' দৌৰবিদ ভোগেশ্বৰ বৰুৱাই নিজ নামেৰে নামাকৰণ কৰিছিল পেভিলিয়নৰ ।

যোৱা ২০১৭, আগষ্ট মাহৰ সংহাৰী বানে ষ্টেডিয়ামখনৰ ব‍্যাপক ক্ষতি সাধনৰ পিচতো যোৱা দুবছৰে ষ্টেডিয়ামখনৰ কোনোধৰণৰ নিৰ্মাণৰ ব‍্যৱস্থা নকৰিলে । তৎস্বত্বেও সদৌ অসম আন্তঃ ক্লাৱ ফুটবল অনুষ্ঠিত কৰা হৈছে এই ষ্টেডিয়ামতে ।

যোৱা বাজেটত নিৰ্দ্ধাৰিত বিধায়কৰ "চিগনেচাৰ আঁচনি"ৰ ১০ কোটি টকাৰ সমূদায় ধন ড0 টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনৰ পুণৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ নামত আৱণ্টিত কৰা হৈছিল । অসমৰ বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ কথা আছিল যদিও যোৱা বছৰৰ নৱেম্বৰত হোৱা ঢলা-শদিয়াৰ খেৰবাৰী হত‍্যাকাণ্ডৰ বাবে শেষ মূহুৰ্তত সেই অনুষ্ঠান বাতিল হোৱাৰ পিচত আজিলৈকে সেই কাম আগ নাবাঢ়িল ।

পেচা প'ল', ফ্লৰ বল, পিক্‌ল বল খেলত ইতিমধ‍্য অসমৰ হৈ কলিয়াবৰৰ খেলুৱৈ সুনাম অৰ্জন কৰিছে । যোৱা মে' মাহত ঢাকাত হোৱা এছিয়ান পেচা প'ল' চেম্পিয়নশ্বিপত কলিয়াবৰৰ মুঠ ৯ গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল । ফ্ল'ৰ বলৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । মহাৰাষ্ট্ৰত হোৱা ৰাষ্ট্ৰীয় ফ্ল'ৰ বলত সুন্দৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰাৰ বাবে কলিয়াবৰৰ তিনিগৰাকী খেলুৱৈয়ে অহা আগষ্ট মাহৰ ৮ তাৰিখৰ পৰা চেক গণৰাজ্যৰ প্ৰাগত অনুষ্ঠিত হ'বলগীয়া আন্তঃ ৰাষ্ট্ৰীয় ফ্ল'ৰ বল ফেডাৰেচন কাপত অংশ গ্ৰহণ কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাৰ্মানী, জাপান আদিকে ধৰি মুঠ সোঁতৰখন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হোৱা তিনি খেলুৱৈ হৈছে পঞ্চানন বৰা, প্ৰিয়ম বৰা আৰু জোনাক মহন্ত৷ ইতিমধ্যে ২৬ জুলাইৰ পৰা ডেৰাডুনত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ প্ৰস্তুতি তুংগত ৰাখিছে তিনিখেলুৱৈয়ে ।

ABOUT THE AUTHOR

...view details