স্প’ৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : IPL 2021 ৰ পিছত Royal Challengers Bangalore ৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব বিৰাট কোহলীয়ে ৷ দেওবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে কোহলীয়ে ৷
দেওবাৰে এটি ভিডিঅ’ বাৰ্তাযোগে পদত্যাগৰ কথা ঘোষণা কৰি কোহলীয়ে কয়, "RCB ৰ কেপ্তেইন হিচাপে এইখনেই মোৰ শেষৰখন খেল ৷ ইয়াৰ পিছত মই মোৰ শেষৰখন IPL মেচলৈকে দলটোৰ এজন খেলুৱৈ হিচাপেহে খেলিম ৷ মই RCB ৰ অনুৰাগীসকলক মোৰ ওপৰত বিশ্বাস ৰখাৰ লগতে মোক সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো" ৷
তেওঁ লগতে কয় যে, মই এই বিষয়ে দলৰ অন্যান্য সদস্যসকলৰ সৈতে আলোচনা কৰিছো ৷ এই চিন্তা বহুসময় ধৰি মোৰ মনলৈ আহিছিল ৷ কাৰণ শেহতীয়াকৈ মই মোৰ দায়িত্বৰ ভাৰ কিছু হ্ৰাস কৰাৰ বাবে টী20 ফৰমেটত কেপ্তেইন পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছো ৷ মই কিদৰে আগুৱাব পাৰো সেই সন্দৰ্ভত স্পষ্ট হ’ব বিচাৰো ৷ মই মেনেজমেণ্টক সকলো স্পষ্ট কৰি দিছো যে মই RCB ৰ বাহিৰে অন্য দলৰ হৈ IPL ত খেলাৰ কথা ভাবিব নোৱাৰো ৷
লগতে পঢ়ক :আজিৰ দিনটোতে 6 বলত ছয়টা ছিক্সৰে অভিলেখ গঢ়িছিল যুৱৰাজ সিঙে