নিউজ ডেস্ক, 19 এপ্ৰিল: IPL 2023 ৰ এখন গুৰুত্বপূৰ্ণ মেচত আজি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুখামুখি হয় ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RR এ ৷ খেলখনত ৰাজস্থান ৰয়েলছক 10 ৰাণত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৷ লক্ষ্ণৌৰ দুই অপেনাৰ ৰাহুল আৰু মেয়াৰ্ছে সুন্দৰ আৰম্ভণি কৰে ৷ 32 টা বলত 39 ৰাণ কৰি ৰাহুল আউট হয় ৷ 42 টা বলত 51 ৰাণ কৰে মেয়াৰ্ছে ৷ ষ্টইনিছে 21 আৰু পুৰাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 154 ৰাণ সংগ্ৰহ কৰে লক্ষ্ণৌৱে Rajasthan Royals vs Lucknow Super Giants) ৷
155 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা ৰাজস্থানে প্ৰথমে সুন্দৰ আৰম্ভণি কৰে যদিও পিচলৈ নিয়মিত গতিত উইকেটৰ পতন ঘটাত পৰাজয় বৰণ কৰিবলৈ বাধ্য হয় ৷ যশস্বী জছোৱালে 44 ৰাণ আৰু বাটলাৰে 40 ৰাণৰ ইনিংছ খেলে ৷ পাড়িক্কলে 26 আৰু ৰিয়ানে 15 ৰাণৰ বৰঙণি যোগায় ৷ ইয়াৰ বাহিৰে বাকী 4 গৰাকী খেলুৱৈয়ে ৰাণৰ ক্ষেত্ৰত দহকৰ ঘৰ চুব নোৱাৰিলে ৷ 20 অভাৰত 6 টা উইকেট হেৰুৱাই 144 ৰাণহে কৰিবলৈ সক্ষম হয় ৰাজস্থানে ৷
অৱশ্যে এতিয়াও IPL 2023 ৰ পইন্ট তালিকাত বৰ্তমান RR শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে LSG (Rajasthan Royals vs Lucknow Super Giants) ৷
সঞ্জু চেমচন:আমি প্ৰথমে বলিং কৰিবলৈ ওলাইছো । সঁচাকৈয়ে ভাল উইকেট যেন লাগিছে । ৪ বছৰৰ পিছত জয়পুৰলৈ আহি খেলিবলৈ পাই আমি বহুত সুখী । চাপত পৰি আমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব । আমাৰ এক নিৰ্ভীক মনোভাৱ আছে । আমাৰ দলত এটা পৰিৱৰ্তন কৰা হৈছে ৷ জাম্পাৰ স্থানত জেচনক পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে (Rajasthan Royals vs Lucknow Super Giants live)।