অসম

assam

ETV Bharat / sports

আই পি এলৰ পৰা বাহিৰ দিল্লী কেপিটেলছৰ মুখ্য অস্ত্ৰ ৰাবাডা - দিল্লী কেপিটেলছ

আঘাতৰ সন্মুখীন হৈ স্বদেশলৈ উভতিল আই পি এলৰ পাৰ্পল কেপ অধিকাৰী দক্ষিণ আফ্ৰিকাৰ তথা দিল্লী কেপিটেলছৰ দ্ৰুত বেগী বলাৰ কাগিছ ৰাবাডা । শুকুৰবাৰে খেলুৱৈগৰাকীৰ বাহিৰ হোৱা কথা স্পষ্ট কৰে দিল্লী কেপিটেলছৰ ফ্ৰানচাইজাৰ্ছে ।

RABADA OUT FROM IP

By

Published : May 3, 2019, 7:16 PM IST

স্পৰ্টছ ডেস্ক, ৩ মে':দিল্লী কেপিটেলছৰ অনুৰাগীৰ বাবে দুখবৰ । আই পি এলৰ প্লে অফৰ গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল বেগী বলাৰ কাগিছ ৰাবাডা । আঘাতৰ সন্মুখীন হৈ বিশ্বকাপৰ উদ্দেশ্যে আধাতে আই পি এল ত্য়াগ কৰাৰ সিদ্ধান্ত খেলুৱৈগৰাকীৰ । লক্ষণীয় যে, পিঠিৰ বিষৰ সন্মুখীন হোৱাৰ বাবেই চেন্নাই বিৰুদ্ধে অনুষ্ঠিত মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল ৰাবাডা ।

আই পি এলৰ পৰা বাহিৰ ৰাবাডা

ৰাবাডাই এই ছীজনত দিল্লীৰ হৈ মুঠ ১২ খন মেচত অৱতীৰ্ণ হৈছিল । য'ত তেওঁ ২৫ টা উইকেট দখলেৰে বৰ্তমান লৈকে পাৰ্পল কেপ অধিকাৰ কৰিবলৈ সক্ষম হৈছে । ৰাবাডাৰ বিধ্বংসী বলিঙৰ ফলতেই ছয়বছৰৰ অন্তত প্লে অফত স্থান লাভ কৰবিলৈ সক্ষম হৈছে দিল্লী দলটো ।

লগতে পঢ়কঃ ফেনীৰ ভয়ানক প্ৰভাৱ পৰিব পাৰে ধুবুৰীত ! দুৰ্যোগ প্ৰসমন বিভাগৰ এলাৰ্ট জাৰি !

ৰাবাডাৰ আধাতে আই পি এলৰ পৰা বাহিৰ হোৱা নিশ্চিত বাবে দলটোৰ বাবে হ'ব এক অপূৰণীয় ক্ষতি । দিল্লীয়ে নিজৰ অন্তিমখন লীগ মেচ অহা ৪ মে'ত ৰাজস্থান ৰয়েলছ বিৰুদ্ধে দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত অৱতীৰ্ণ হ'ব ।

ABOUT THE AUTHOR

...view details