স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃআই পি এলত দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কলকাতাৰ বিশাল স্কৰ ৷ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 2 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 232 ৰান ৷
কলকাতাৰ বৃহৎ লক্ষ্য, মুম্বাইৰ শোচনীয় আৰম্ভণি - KKR
মুম্বাইৰ বিৰুদ্ধে আই পি এলৰ 47 সংখ্যক মেচত কলকাতাৰ বিশাল স্কৰ ৷ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ 232 ৰান ৷ ৰাছেল-গিলৰ বিস্ফোৰক বেটিং ৷
ৰাছেল-গিলৰ বিস্ফোৰক বেটিং
নাইট ৰাইডাৰ্ছৰ হৈ শুভমন গিলে 45 বলত 76 ৰান কৰাৰ বিপৰীতে আণ্ড্ৰে ৰাছেলে 40 বলত অপৰাজিত 80 ৰান কৰিবলৈ সক্ষম হয় ৷ ৰাছেলৰ ইনিংছত থাকে 6 টা চাৰিৰ লগতে 8 টা বৃহৎ ছিক্স ৷ ইপিনে ক্ৰিছলিনে 29 টা বলত 54 ৰানৰ বৰঙণি দিয়ে ৷ এই বৃহৎ লক্ষ্যৰ অতিক্ৰম কৰিবলৈ আহি মুম্বাইয়ে 50 ৰানৰ ভিতৰতে 3 টা উইকেট গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ৷ মুম্বাইৰ কুইণ্টন ডি কক শূন্য, ৰোহিত শৰ্মা 12 আৰু ইভিন লুইছে 15 ৰান কৰি পেভিলিয়নমুখী হয় ৷