স্পৰ্টছ ডেস্ক, ৯ মে': বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা একমাত্ৰ এলিমিনেটৰ মেচত পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ । দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক শ্বাসৰুদ্ধকাৰী মেচত নিৰ্ধাৰিত অভাৰৰ শেষ বলটো বাকী থকা সময়ত ২ উইকেটত পৰাস্ত হয় হায়দৰাবাদ দলটো । ইয়াৰ পাচতেই অধিনায়ক কেন উলিয়ামছনৰ মন্তব্য "অতি কম ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাটো হতাশাজনক ।"
কম ব্যৱধানত পৰাস্ত হোৱাটো হতাশাজনকঃ কেন উলিয়ামছন - SRH
দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক শ্বাসৰুদ্ধকাৰী মেচত পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইয়াৰ পাচতেই অধিনায়ক কেন উলিয়ামছনৰ মন্তব্য "অতি কম ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাটো হতাশাজনক ।"
কম ব্যৱধানত পৰাস্ত হোৱাটো হতাশাজনকঃ কেন উলিয়ামছন
উল্লেখ্য যে, একমাত্ৰ এলিমেনেটৰ মেচখনত প্ৰথমে বেটিং কৰি দিল্লীক ১৬৩ ৰান লক্ষ্য বান্ধি দিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে । এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি দিল্লী দলটোৱে ৮ উইকেট হেৰুৱাই ১৯.৫ অভাৰত জয় লাভ কৰিবলৈ সক্ষম হয় । এই জয়ৰ পাচতেই দিল্লীয়ে চেন্নাইৰ বিৰুদ্ধে শুকুৰবাৰে দ্বিতীয় কোৱালিফায়াৰত মুখামুখি হোৱাৰ বিপৰীতে পৰাজয়বৰণ কৰি আই পি এলৰ পৰা বাহিৰ হয় কেন উলিয়ামছন নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদ ।