স্পৰ্টছ ডেস্ক, ২৩ মাৰ্চঃ আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমখন মেচত জয় লাভ বৰ্তমানৰ চেম্পিয়নচেন্নাই চুপাৰ কিংছৰ । চেপ্পাক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচত ৭ উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাস্ত কৰি জয়ৰে আই পি এল ২০১৯ ৰ অভিযান আৰম্ভ কৰে চেন্নাই চুপাৰ কিংছে ।
টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চেন্নাইয়ে । প্ৰথমে বেটিং কৰিবলৈ আহি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে কেৱল ১৭.১ অভাৰত ৭০ ৰান কৰি অল আউটৰ সন্মুখীন হয় । জয়ৰ বাবে ৭১ ৰানৰ লক্ষ্য চেন্নাই দলটোৱে ৩ টা উইকেট হেৰুৱাই ১৭.৪ অভাৰত অতিক্ৰম কৰে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চেন্নাই দলটোৰ এইটো আছিল ধাৰাবাহিক ৭ খন মেচত জয় লাভ । মেচখনত মেন অফ দ্যমেচ লাভ কৰে হৰভজন সিঙে ।
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বেটিং বিশ্লেষণ : বিৰাট কোহলি ৬, পাৰ্থিৱ পাটেল ২৯, মইন আলী ৯, এবি ডিভিলিৰ্য়াছ ৯, শ্বিমৰণ হেটমেয়াৰ ০ । চেন্নাই চুপাৰ কিংছ বলিং বিশ্লেষণ : হৰভজন সিং - ৪ অভাৰ ২০ ৰান ৩ টা উইকেট, ইমৰাণ তাহিৰ- ৪ অভাৰ ৯ ৰান ৩ টা উইকেট , ৰবিন্দ্ৰ জাডেজা- ৪ অভাৰ ১৫ ৰান ২ টা উইকেট ।