অসম

assam

By

Published : Apr 6, 2019, 10:35 PM IST

ETV Bharat / sports

পাঞ্জাৱৰ বিৰুদ্ধে জয় লাভ চেন্নাইৰ

গৃহভূমিত জয় লাভ ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ ৷ 22 ৰানত পৰাস্ত কিংছ ইলেভেন পাঞ্জাৱ ৷

পাঞ্জাৱৰ বিৰুদ্ধে জয় লাভ চেন্নাইৰ

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিলঃশনিবাৰৰ আই পি এলৰ প্ৰথমখন মেচত জয় লাভ চেন্নাই চুপাৰ কিংছৰ ৷ চেন্নাইৰ চিদাম্বৰাম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত 22 ৰানত পৰাস্ত হয় আশ্বিন নেতৃত্বাধীন কিংছ ইলেভেন পাঞ্জাৱ দলটো ৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চেন্নাই দলটোৱে ৷ চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত 160 ৰান কৰিবলৈ সক্ষম হয় ৷ চেন্নাইৰ হৈ ফেব ডু প্লেছিচে সৰ্বাধিক 54 ৰান সংগ্ৰহ কৰে ৷ আনহাতে ধোনীয়ে অপৰাজিত 37 আৰু আম্বাতী ৰাইডু অপৰাজিত 21 ৰানৰ বৰঙণি দিয়ে ৷ পাঞ্জাৱৰ হৈ 3 টা উইকেট দখল কৰে আশ্বিনে ৷

এই লক্ষ্য অতিক্ৰম কৰিবলৈ আহি পাঞ্জাৱে 20 অভাৰত 5 উইকেট হেৰুৱাই কেৱল 138 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ পাঞ্জাৱৰ হৈ শ্বাৰফৰাজ খানে সৰ্বাধিক 67 ৰান কৰাৰ বিপৰীতে কে.এল ৰাহুলে কৰে 55 ৰান ৷ চেন্নাইৰ হৈ হৰভজন সিং আৰু স্কট কুগ্গেলেনে সৰ্বাধিক 2-2 টা কৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ হৰভজন সিং তেওঁৰ সুন্দৰ বলিঙৰ বাবে মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

ABOUT THE AUTHOR

...view details