স্পৰ্টছ ডেস্ক,১০ অক্টোবৰ :প্ৰথমবাৰৰ বাবে পুৰুষৰ টি-২০ বিশ্বকাপত ব্যৱহাৰ কৰা হ'ব Decision Review System চমুকৈ ডিআৰএছ (DRS) । আৰৱ আৰু ওমানত অনুষ্ঠিত হ'বলগীয়া পুৰুষৰ টি-20 বিশ্বকাপত এই ডিআৰএছ পদ্ধতি ব্যৱহাৰৰ কথা ঘোষণা কৰিছে আইচিচি (ICC)য়ে । আগন্তুক প্ৰতিযোগিতাখনৰ বাবে জাৰি কৰা খেলৰ নিয়মসমূহৰ ভিতৰত ডিআৰএছকো অন্তৰ্ভুক্ত কৰিছে আইচিচিয়ে (ICC) ।
অহা ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিব পুৰুষৰ টি-২০ বিশ্বকাপ । সূত্ৰৰ মতে প্ৰতিযোগিতাত প্ৰত্যকটো দলে প্ৰতিটো ইনিংছত দুটা ডিআৰএছৰ সুযোগ পাব । যিহেতু শেষবাৰৰ বাবে ২০১৬ চনত টি-২০ বিশ্বকাপ খেলা হৈছিল । সেয়ে ইয়াৰপূৰ্বে টি-২০ বিশ্বকাপত ডিআৰএছ পদ্ধতি ব্যৱহাৰ কৰা হোৱা নাই ।
উল্লেখ্য যে ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপ ২০১৮ ত ডিআৰএছ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপতো এই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল ।