নিউজ ডেস্ক, 9 আগষ্ট: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলিত টি-20 ৰ চিৰিজৰ তৃতীয়খন মেচ মঙলবাৰে অনুষ্ঠিত হয় ৷ একেৰাহে দুখনকৈ টি-20 মেচত পৰাজয়ৰ পাচত তৃতীয়খন টি-20 মেচত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজক 7 উইকেটত পৰাস্ত কৰি জয়ৰ সোৱাদ ল’লে পাণ্ডিয়া বাহিনীয়ে ৷
ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ৰ’ৱান পাৱেলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ নিৰ্ধাৰিত 20 অভাৰত ৱেষ্ট ইণ্ডিজে 5 টা উইকেট হেৰুৱাই 159 ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক ৷ দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি প্ৰথমে মুখ থেকেচা খাব লগীয়া হয় ভাৰতীয় দল ৷ দুটা বল খেলি মাত্ৰ 1 ৰানতে অপেনাৰ যশস্বী যাদৱ আউট হয় ৷ আনহাতে, 11 টা বল খেলি মাত্ৰ 6 ৰানতে আউট হয় অপেনাৰ শুভমন গিল ৷ অপেনাৰদ্বয়ৰ বিফলতাৰ পাচতো সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মা যুটিয়ে দিশহাৰা কৰিলে ঘৰুৱা দল ৱেষ্ট ইণ্ডিৰ বলাৰক ৷
অপেনাৰদ্বয় কম ৰানতে আউটৰ পাচতে সূৰ্যকুমাৰে দেখুৱালে উন্নতমান খেল ৷ প্ৰতিটো বল যেন বাউণ্ডাৰি কোবোৱাৰ চেষ্টা কৰিলে বিস্ফোৰক বেটচমেন সূৰ্যকুমাৰে ৷ মাত্ৰ 44 টা বল খেলি বিস্ফোৰক 81 ৰান সংগ্ৰহ কৰে সূৰ্যকুমাৰে ৷ সূৰ্যকুমাৰৰ সমান্তৰালভাৱে তিলক বাৰ্মাই ধৰাশয়ী কৰে ৱেষ্ট ইণ্ডিজৰ বলাৰক ৷ 37 টা বলত অপৰাজিত 49 ৰান সংগ্ৰহ কৰে ৷ ফলত ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি মাত্ৰ 3 উইকেট হেৰুৱাই 17.5 বলত সহজতে জয়ী হয় ভাৰতীয় দল ৷
মেচখনত 10 টা ফ’ৰ(4), চাৰিটা ছয়(6)ৰে সৰ্বমুঠ 81 ৰান সংগ্ৰহৰে টি-20 স্পিচেল খেলুৱৈ হিচাপে সূৰ্যকুমাৰে পুনৰ বাৰ নিজকে প্ৰতিপন্ন কৰিলে ৷ সূৰ্যৰ বেটিং বিক্ৰমত উপায়বিহীন হৈ পৰে ৱেষ্ট ইণ্ডিজৰ বলাৰ ৷ আনহাতে দুখনকৈ টি-20 মেচত ৱেষ্ট ইণ্ডিজে ভাৰতক পৰাস্ত কৰাৰ পাচত সমোলোচনাৰো থকা-সৰকা কৰিছিল জাতীয় দলটোক ৷ কিন্তু মঙলবাৰৰ মেচখনত জয়ৰ পাচতে মুখলৈ পানী আহিল ভাৰতীয় ক্ৰীড়াপ্ৰেমীলৈ ৷ তৃতীয় খন মেচত ভাৰতৰ জয়ৰ পাচতে পাঁচখনীয়া শৃংখলাত 2-1ত পিছ পৰি আছে ৷ আনহাতে আনদুখন মেচ 12 আৰু 13 আগষ্টত অনুষ্ঠিত হ’ব ৷ টেষ্ট মেচ, এদিনীয়ৰ পাচত টি-20 শৃংখলা দখলৰ লক্ষ্যৰে নামিব পাণ্ডিয়া বাহিনী ৷ ইফালে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমখন মেচত নিৰাশ কৰিলে যশস্বী যাদবে ৷
লগতে পঢ়ক:WI vs IND T20 Series : বেকফুটত ভাৰত, হাতৰ পৰা যাব নেকি শৃংখলা !