স্পৰ্টছডেস্ক,13 মাৰ্চ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত অন্তিম তথা নিৰ্ণায়ক এদিনীয়াত 35 ৰানত পৰাস্ত হয় টীম ইণ্ডিয়া ৷ বুধবাৰে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত স্বদেশত সন্মুখীন হোৱা পৰাজয়ৰ পোতক তুলি কেংগেৰু বাহিনীয়ে শৃংখলাটো নিজৰ দখললৈ নিবলৈ সক্ষম হয় ৷ খেলখনৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই টছত জয় হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত অভাৰত ভাৰতক 273 ৰানৰ লক্ষ্য বান্ধি দিয়ে ৷ অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ওছমান খাৱাজাই শতক অৰ্জন কৰাৰ লগতে পিটাৰ হেণ্ডছকম্বে অৰ্ধশতক অৰ্জন কৰে ৷
ইপিনে ভাৰতে এই লক্ষ্য আগত লৈ নিৰ্ধাৰিত অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 237 ৰানতে ইনিংছ সমাপ্ত কৰে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 56 ৰানৰ লগতে কেদাৰ যাদৱে 44 আৰু ভূৱনেশ্বৰ কুমাৰে 46 ৰানৰ বৰঙণি যোগায় ৷ অষ্ট্ৰেলিয়াৰ হৈ আদাম জাম্পাই 46 ৰান দি 3 টা উইকেট দখল কৰে ৷ খেলৰ অন্তত মেন অৱ দ্যা মেছ আৰু মেন অৱ দ্যা চিৰিজৰ সন্মান লাভ কৰে অষ্ট্ৰেলিয়াৰ অপেনাৰ বেটছমেন ওছমান খাৱাজাই ৷