স্পৰ্টছ ডেস্ক , ৩১ ডিচেম্বৰ :ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আশাত চেঁচা পানী । স্থগিত হ'ল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া যাত্ৰা । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি বৃহস্পতিবাৰে অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ডে পৰৱৰ্তী সময়লৈ এই খেল স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।
যোৱা মাৰ্চ মাহতে টি-২০ বিশ্বকাপৰ ফাইনেল খন আছিল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ অন্তিম খেল । আগন্তুক ২২ জানুৱাৰীত কেনবেৰাত , ২৫ জানুৱাৰীত মেলবৰ্ণ আৰু ২৮ জানুৱাৰীত হবাৰ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ কথা আছিল ভাৰতীয় দলটোৱে ।
স্থগিত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া যাত্ৰা অৱশ্য়ে ভাৰতীয় দলটোৰ পৰিচালনা সমিতিয়ে জনোৱা মতে ২০২২ ৰ বিশ্বকাপক লক্ষ্য় কৰিয়ে দলটোৰ এই ভ্ৰমণ আছিল যিটো মাৰ্চ-এপ্ৰিল মাহলৈ পিছুৱাই দিয়া হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলকলৈ দৰ্শকৰ উৎসাহৰ প্ৰতি লক্ষ্য় ৰাখি দলটোৰ খেলকেইখন অতি সোনকালে অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা ক'লে অষ্ট্ৰেলিয়া ক্ৰিকেট ব'ৰ্ড ৰ অন্তৱৰ্তী মুখ্য় কাৰ্যবাহী বিষয়া নিক হাকলে । অৱশ্য়ে খেলৰ স্থান আৰু সময়সূচী অতি সোনকালে ঘোষণা কৰা হ'ৱ বুলিও উল্লেখ কৰে বিষয়াজনে ।
লগতে পঢ়ক :ইডেন গাৰ্ডেন পৰিদৰ্শন সৌৰভ গাংগুলীৰ