স্পৰ্টছ ডেস্ক, ২৫ ডিচেম্বৰ :মঙলবাৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলা । প্ৰথম টেষ্টৰ পূৰ্বে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই সোমবাৰে কয়, এগৰাকী অধিনায়ক হিচাপে তেওঁ বিচাৰে যে তেওঁৰ দলটোৱে অতীজত দক্ষিণ আফ্ৰিকাত আন ভাৰতীয় দলে যিটো কৰাত ব্যৰ্থ হৈছে, সেয়া 'সফল' কৰক । উল্লেখ্য যে ১৯৯২ চনত দক্ষিণ আফ্ৰিকাত ভাৰতে প্ৰথম টেষ্ট শৃংখলা খেলাৰ পৰা 'ৰামধেনুৰ দেশ'খনত কেতিয়াও টেষ্ট শৃংখলা জয় কৰা নাই ।
মঙলবাৰে চেঞ্চুৰিয়ান পাৰ্কত আৰম্ভ হ'ব দুয়োখন দেশৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । বক্সিং ডে' মেচৰ প্ৰাক-মেচ সংবাদমেলত ৰোহিতে কয়, "বিশ্বৰ এই অংশত যিটো কোনেও অৰ্জন কৰা নাই, সেয়া লাভ কৰিব বিচাৰোঁ ।"
আনহাতে, ৩৬ বছৰীয়া হিটমেনে তেওঁৰ ক্ৰিকেট ভৱিষ্যতৰ বিষয়ে একো উল্লেখ নকৰিলে । তেওঁ কেৱল ক্ৰিকেট উপভোগ কৰিব বিচাৰে বুলিহে কয় । "মই মোৰ সন্মুখত যি ক্ৰিকেট আছে সেয়া খেলিব বিচাৰোঁ ।" তেওঁৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ নকৰাকৈ ৰোহিত শৰ্মাই কয় ।