অসম

assam

ETV Bharat / sports

World Cup 2023 : পাকিস্তানৰ বিৰুদ্ধে মেচত দললৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে শুভমন গিল

ডেংগুত আক্ৰান্ত হোৱাৰ পাছত শুভমন গিল অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে দুখন গুৰুত্বপূৰ্ণ খেলত দলৰ পৰা বাহিৰত আছিল । কিন্তু এতিয়া সুস্থ হৈ নেটত বেটিঙৰ অনুশীলন আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে । পাকিস্তানৰ বিৰুদ্ধে দলত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ।

World Cup 2023
পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ প্ৰস্তুতি চলাইছে গিলে

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:20 PM IST

স্পৰ্টছ ডেস্ক,১২ অক্টোবৰ :ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ । ক্ৰমাৎ সুস্থ হৈ ডেংগুত আক্ৰান্ত ভাৰতীয় অপেনাৰ শুভমন গিল । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ২০২৩ৰ বহু প্ৰতীক্ষিত খেলখন ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত ভাৰতীয় দল আৰু দৰ্শকৰ বাবে এয়া আশানুৰূপ খবৰ ।

ইফালে কেৱল ভাৰত-পাকিস্তানেই নহয়, সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলে এই বিশেষ খেলখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ১৪ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই খেলখনৰ বাবে দুয়োটা দল সাজু হৈছে আৰু কঠোৰ অনুশীলনত নিয়োজিত হৈ আছে । খেলখনৰ পূৰ্বে শুভমন গিলে পুনৰ অনুশীলন আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় অনুৰাগীসকলো উৎসাহিত হৈছে ।

উল্লেখ্য যে অসুস্থতাৰ বাবে এতিয়ালৈকে বিশ্বকাপ ২০২৩ত এখনো খেল খেলিব পৰা নাই ভাৰতীয়া তাৰকা বেটছমেন গিলে । অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলিব নোৱাৰা খেলুৱৈগৰাকী পাকিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল । কিন্তু গিল এতিয়া সুস্থ হৈ উঠিছে আৰু আহমেদাবাদত নেটত বেটিঙৰ অনুশীলন আৰম্ভ কৰিছে । লগে লগে আশা কৰা হৈছে যে গিলে পাকিস্তানৰ বিৰুদ্ধে খেলখনত খেলিবলৈ সক্ষম হ'ব । ইফালে গিলেও তেওঁৰ অন্যতম প্ৰিয় নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰশিক্ষণ আৰম্ভ কৰিছে । অৱশ্যে গিল পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্লেয়িং একাদশত স্থান পাব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

বুধবাৰে দিল্লীত আফগানিস্তানক পৰাস্ত কৰাৰ পাছত ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলটোৱে শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ বাবে আহমেদাবাদত উপস্থিত হ'ব । অৱশ্যে, পাকিস্তানৰ দলটো বুধবাৰেই আহমেদাবাদত উপস্থিত হয় আৰু ইতিমধ্যে কঠোৰ অনুশীলন আৰম্ভ কৰিছে ।

লগতে পঢ়ক :India vs Pakistan 2023 : ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজেয় ভাৰত

ABOUT THE AUTHOR

...view details