অসম

assam

ETV Bharat / sports

World Cup 2023 : সকলোৰে দৃষ্টি 'কেপ্তেইন কুল'ৰ ওপৰত - icc world cup 2023

ইতিমধ্যে টছত জয়ী হৈ ভাৰতে ফিল্ডিঙৰ সিদ্ধান্ত লৈছে । পাকিস্তানৰ বিৰুদ্ধে ৰোহিতৰ প্ৰদৰ্শন ঈৰ্ষণীয় । ৰোহিতৰ পৰা ২০১৯ৰ বিশ্বকাপৰ দৰেই ইনিংছৰ আশা ক্ৰিকেটপ্ৰেমীৰ ।

World Cup 2023
সকলোৰে দৃষ্টি 'কেপ্তেইন কুল'ৰ ওপৰত

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 1:50 PM IST

স্পৰ্টছ ডেস্ক,১৪ অক্টোবৰ :আজি আহমেদাবাদত ভাৰত বনাম পাকিস্তান । বিশ্বজুৰি ক্ৰিকেটপ্ৰেমীয়ে ৪ বছৰ ধৰি এই ৰোমাঞ্চকৰ খেলখনৰ বাবে অপেক্ষা কৰি আছিল । ২ বজাৰ লগে লগে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ খেলখন অনুষ্ঠিত হ'ব । দুয়োটা দলে এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে সাজু হৈছে । ভাৰতীয় দলটোৱে এদিনীয়া বিশ্বকাপত কেতিয়াও পাকিস্তানৰ হাতত পৰাজিত নোহোৱাৰ অভিলেখ বজাই ৰাখিব বিচাৰিছে । একে সময়তে, পাকিস্তানৰ দলটোৱেও আজি এই অভিলেখ ভংগ কৰিবলৈ খেলপথাৰত যুঁজ দিব । ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

কেপ্টেইন কুল ৰোহিত শৰ্মাৰ বেটে চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে বহু ভাল প্ৰদৰ্শন কৰি আহিছে । পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত হিটমেনৰ এক গুৰুত্বপূৰ্ণ অভিলেখ আছে । পাকিস্তানৰ বিৰুদ্ধে ১৮ খন এদিনীয়াত ৰোহিতে ৫২.৪৬ ৰ উৎকৃষ্ট গড়ৰ সৈতে মুঠ ৭৮৭ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ২ টা শতক আৰু ৭ টা অৰ্ধ-শতক কৰিছে । পাকিস্তানৰ বিৰুদ্ধে ৰোহিতৰ সৰ্বাধিক স্ক'ৰ হৈছে ১৪০ ৰাণ । তেওঁ ২০১৯ বিশ্বকাপত এই স্ক'ৰ কৰিছিল । হিটমেনৰ পৰা আজিৰ খেলখনত ১২৫ কোটি ভাৰতীয়ই একে ধৰণৰ ইনিংছ আশা কৰিছে ।

৫০ অভাৰৰ খেলত শেষবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ২০১৯ৰ এদিনীয়া বিশ্বকাপত মুখামুখি হৈছিল । এই খেলখনত ভাৰতে ডাকৱৰ্থ-লুইছ নীতিৰ অধীনত পাকিস্তানক ৮৯ ৰাণত পৰাস্ত কৰে । এই খেলখনত ভাৰতৰ বিজয়ৰ নায়ক আছিল সোঁহাতৰ অপেনাৰ ৰোহিত শৰ্মা । ৰোহিতে পাকিস্তানী বলাৰসকলক তীব্ৰ আক্ৰমণ কৰিছিল । তেওঁ ১৪ টা চাৰি আৰু ৩ টা ছিক্সাৰৰ সহায়ত ১১৩ টা বলত ১৪০ ৰাণ সংগ্ৰহ কৰিছিল । এই প্ৰদৰ্শনৰ বাবে ৰোহিতক প্লেয়াৰ অফ দ্য মেচ বঁটাও প্ৰদান কৰা হৈছিল । ভাৰতীয় অনুৰাগীসকলে আজিও হিটমেনৰ পৰা একে ধৰণৰ ইনিংছ আশা কৰিছে ।

লগতে পঢ়ক :Cricket world cup 2023 : ক্ৰিকেট বিশ্বকাপৰ দ্বাদশ মেচত ভাৰত বনাম পাকিস্তান; সাজু নৰেন্দ্ৰ মোদী ষ্টেডিয়াম

ABOUT THE AUTHOR

...view details