স্প’ৰ্টছ ডেস্ক, 13 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে সোমবাৰে তিনিজন ক্ৰিকেটাৰক নিজৰ সন্মানীয় ক্ৰিকেট হল অৱ ফেমত অন্তৰ্ভুক্ত কৰে । এই তিনিগৰাকী খেলুৱৈৰ ভিতৰত আছে ভাৰতৰ বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্ৰ ছেহৱাগ, ভাৰতীয় মহিলা ক্ৰিকেট টেষ্টৰ প্ৰাক্তন অধিনায়ক ডায়েনা এদুলজী আৰু শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা বেটছমেন অৰবিন্দ ডি ছিলভা ।
আইচিচিৰ বিবৃতিত কোৱা হৈছে যে তিনিজন প্ৰখ্যাত খেলুৱৈ আইচিচি ক্ৰিকেট হল অৱ ফেমত শেহতীয়াকৈ অন্তৰ্ভুক্ত হৈছে । এইসকল ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰাৰ লগে লগে আইচিচি হল অৱ ফেমত বিখ্যাত ক্ৰিকেটাৰৰ মুঠ সংখ্যা ১১২ হয় । এই তালিকাত ভাৰতৰ আঠজন খেলুৱৈ সন্নিৱিষ্ঠ হৈছে ৷ তেওঁলোক হ’ল সুনীল গাভাস্কাৰ, বিষাণ সিং বেদী, কপিল দেৱ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিনো মানকাদ আৰু এতিয়া ডায়েনা এদুলজী আৰু বীৰেন্দ্ৰ ছেহৱাগ ।
এদুলজীৰ অন্তৰ্ভুক্তি এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে ৷ কিয়নো তেওঁ আই চি চি হল অৱ ফেমত শোভা বৃদ্ধি কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ । আইচিচিৰ তিনিখন মহিলা ক্ৰিকেট বিশ্বকাপত নেতৃত্ব দিয়াকে ধৰি ডায়েনাৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । ১৯৭৮ আৰু ১৯৯৩ চনত ভাৰতীয় মহিলা ক্ৰিকেট দলক নেতৃত্ব দিছিল এদুলজীয়ে । তেওঁৰ ক্ৰিকেটৰ মাইলৰ খুঁটিসমূহৰ ভিতৰত আছে তেওঁৰ দ্বিতীয়খন টেষ্ট মেচত অৰ্ধশতক আৰু আঠ বছৰৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৪ ৰাণত 6 টা উইকেট দখল কৰা বিধ্বংসী বলিং প্ৰদৰ্শন ।
আইচিচিয়ে ঘোষণা কৰাৰ লগে লগে এদুলজীৰ অৱদানৰ সংজ্ঞা দি কয় যে ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ কেৰিয়াৰ আৰু ভাৰতীয় মহিলা ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সফল ঘৰুৱা দল প্ৰতিষ্ঠা কৰাত তেওঁৰ অগ্ৰণী ভূমিকাৰ বাবেই আইচিচি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে এদুলজীৰ নাম ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এদুলজীয়ে কয় যে আইচিচি ক্ৰিকেট হল অৱ ফেমত তেওঁৰ অন্তৰ্ভুক্তি সম্পূৰ্ণ অভাৱনীয় । ‘‘এয়া কেৱল মোৰ বাবেই নহয়, ভাৰতীয় মহিলা ক্ৰিকেট আৰু বি চি চি আইৰ বাবেও এক ডাঙৰ সন্মান ।’’ পৰিয়াল, বন্ধু-বান্ধৱী, অনুৰাগী, ভাৰতৰ ক্ৰিকেট শাসক সংস্থাৰ পৰা পোৱা সহায়ক স্বীকাৰ কৰে এদুলজীয়ে ।
"এই স্বীকৃতিৰ বাবে মই আইচিচি, আৰু হল অৱ ফেম ভোটিং কমিটীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । ই সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল আৰু মই এই সন্মান সকলোকে উৎসৰ্গা কৰিম যিসকলে মোৰ কাষত থিয় দিছে আৰু মোক গঢ় দিছে ।" বিচিচিআই চলাবলৈ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া ২০১৭ চনৰ প্ৰশাসক সমিতিৰ অংশ আছিল এদুলজী ।