অসম

assam

ETV Bharat / sports

ICC World Cup 2023 :পাকিস্তানৰ শক্তিশালী বলিং আক্ৰমণক ওফৰাই 8 উইকেটত জয়লাভ আফগানিস্তানৰ

এম.এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত হোৱা মেচখনত আফগানিস্তানে পাকিস্তানক 8 উইকেটত পৰাস্ত কৰে ৷ পাকিস্তানে আফগানিস্তানৰ সন্মুখত বিজয়ৰ বাবে বান্ধি দিছিল 283 ৰাণৰ লক্ষ্য ৷

ICC World Cup 2023
আফগানিস্তান-পাকিস্তানৰ মেচ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 6:29 PM IST

Updated : Oct 23, 2023, 10:14 PM IST

স্পৰ্টছ ডেস্ক, 23 অক্টোবৰ : চলিত বিশ্বকাপত আন এক অঘটন ৷ শক্তিশালী পাকিস্তানক পৰাস্ত কৰে আফগানিস্তানে ৷ চেন্নাইৰ এম.এ চিদাম্বৰম ক্ৰিকেট ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত হোৱা চলিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচখনত আফগানিস্তানে পাকিস্তানক 8 উইকেটত পৰাস্ত কৰে ৷ টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা পাকিস্তানে আফগানিস্তানৰ সন্মুখত বিজয়ৰ বাবে বান্ধি দিছিল 283 ৰাণৰ লক্ষ্য ৷ আফগানিস্তানে 49 অভাৰত 2 উইকেট হেৰুৱাই উপনীত হয় বিজয় লক্ষ্যত ৷

283 ৰাণৰ লক্ষ্য আগত লৈ আফগানিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমৰ পৰাই শক্তিশালী বেটিঙেৰে পাকিস্তানৰ বলিং লাইনক তচ-নচ কৰে ৷ অ’পেনিং বেটছমেন ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ ইব্ৰাহিম জাদ্ৰানে 113 বলত 87 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে ৷ ৰহমানুল্লাহ গুৰবাজেও নিজৰ বিস্ফোৰক বেটিঙেৰে 53 টা বলত 65 ৰাণ সংগ্ৰহ কৰে ৷

এই দুয়োটা উইকেটৰ পতনৰ পাছত ৰহমত শ্বাহ আৰু অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীয়ে দলক বিজয় লক্ষ্যত উপনীত কৰোৱাৰ দায়িত্ব কান্ধ পাতি লয় ৷ দুয়োজন বেটছমেনে পাকিস্তানৰ শক্তিশালী বলিং লাইনক ওফৰাই 49 অভাৰত 286 ৰাণ সংগ্ৰ কৰি বিজয় লক্ষ্যত উপনীত হয় ৷ ৰহমত শ্বাহে 84 টা বলত 77 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীয়ে 45 টা বলত 48 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদি আৰু হাছান আলীয়ে 1টাকৈ উইকেট দখল কৰে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা পাকিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 282 ৰাণ ৷ দলৰ হৈ অধিনায়ক বাবৰ আজমে 92 টা বলত সাৰ্বাধিক 74 ৰাণ সংগ্ৰহ কৰে ৷ অ’পেনাৰ আব্দুল্লাহ ছ’ফিকে 75 টা বলত সংগ্ৰহ কৰে 58 ৰাণ ৷ শ্বাদাব খান আৰু ইফটিকাৰ আহমেদে সংগ্ৰহ কৰে 40 ৰাণ ৷

আফগানিস্তানৰ হৈ নুৰ আহমেদে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ নবীন-উল-হকে দখল কৰে 2টা উইকেট ৷ আজমতুল্লাহ ওমৰাজা আৰু মহম্মদ নবীয়ে দখল 1 টাকৈ উইকেট ৷

উল্লেখ্য যে, আজিৰ খেলত পাকিস্তানৰ মূল একাদশত মহম্মদ নৱাজৰ ঠাইত অভিজ্ঞ স্পীনাৰ শ্বাদাব খানক অন্তৰ্ভূক্ত কৰা হয় ৷ আফগানিস্তানে পেচাৰ ফজলহাক ফাৰুকীৰ ঠাইত নুৰ আহমেদক অতিৰিক্ত স্পীনাৰ হিচাবে অন্তৰ্ভূক্ত কৰা হয় ৷

উল্লেখ্য যে, পাকিস্তান আৰু আফগানিস্তানৰ মাজত বিশ্বকাপত ৭খন মেচ অনুষ্ঠিত হৈছে, ইয়াৰে ৭খন মেচতে পাকিস্তানে জয়লাভ কৰিছে। অৱশ্যে কিছু মেচত আফগানিস্তানে পাকিস্তানৰ বিৰুদ্ধে তুমুল প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

পাকিস্তানৰ মূল একাদশ-

আব্দুল্লাহ ছফিক, ইমাম-উল-হক, বাবৰ আজম (অধিনায়ক), মহম্মদ ৰিজৱান(উইকেট ৰক্ষক), ছাউদ শ্বাকিল, ইফতিখাৰ আহমেদ, শ্বাদাব খান, উছামা মিৰ, শ্বাহীন আফ্ৰিদি, হাছান আলী, হেৰিছ ৰৌফ ৷

আফগানিস্তানৰ মূল একাদশ-

ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমতুল্লাহ ওমৰাজাই, ইক্ৰাম আলিখিল (উইকেট কীপাৰ), মহম্মদ নবী, ৰছিদ খান, মুজীব উৰ ৰহমান, নবীন উল হক, নুৰ আহমেদ ৷

লগতে পঢ়ক :Chase Master Virat Kohli : ৰাণ অনুসৰণৰ সৈতে নিবিড় প্ৰেমৰ সম্পৰ্ক বিৰাট কোহলীৰ !

Last Updated : Oct 23, 2023, 10:14 PM IST

ABOUT THE AUTHOR

...view details