আশাবাদী ৰাইনা : পাকিস্তানে পৰাস্ত কৰিব নোৱাৰে ভাৰতক - সুৰেশ ৰাইনা
নিজৰ টিমক লৈ দৃঢ়বিশ্বাসী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনা । ১৬ জুনৰ মেচৰ পূৰ্বে পাকিস্তানে ভাৰতক পৰাস্ত কৰিব নোৱাৰে বুলি দাবী কৰে ৰাইনাই ।
নিউজ ডেস্ক, ১ জুন : নিজ দলৰ প্ৰদৰ্শনক লৈ আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰাইনা । ১৬ জুনত অনুষ্ঠিত হ'ব লগা হাই ভল্টেজ ভাৰত - পাকিস্তান মেচৰ বাবে অধীৰ অপেক্ষাৰে ক্ৰিকেট প্ৰেমীয়ে বাট চাই থকাৰ সময়তে এই লৈ মন্তব্য কৰিছে ৰাইনাই । সম্প্ৰতি দলৰ পৰা বাহিৰত থকা ক্ৰিকেটাৰ গৰাকীয়ে কয় যে, বৰ্তমান ভাৰতীয় খেলুৱৈ সকলে প্ৰাৰম্ভিক মেচৰ অনুশীলনত ব্যস্ত আছে । এই মেচ কেইখনত জয়ী হ'ব পাৰিলে কোনো কাৰণতে পাকিস্তানে ভাৰতক পৰাস্ত কৰিব নোৱাৰে বুলি দাবী কৰে উত্তৰ প্ৰদেশৰ ক্ৰিকেটাৰ গৰাকীয়ে ।