নিউজ ডেস্ক, ২৯ মে': বাংলাদেশৰ বিৰুদ্ধে ১০৮ ৰাণৰ সুন্দৰ ইনিংছৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ চতুৰ্থ স্থানত বেটিং সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে ২৭ বছৰীয়া ক্ৰিকেটাৰ কে. এল. ৰাহুলে । প্ৰথম খন ৱাৰ্ম আপত নিউজিলেণ্ডৰ বিৰুদ্ধে কে. এল. ৰাহুল ব্যৰ্থ হোৱাত চিন্তিত হৈ পৰিছিল ভাৰতীয় শিবিৰ । কিন্তু বাংলাদেশৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনেৰে উজলি উঠাৰ পাছতে এদিনীয়া ক্ৰিকেটৰ সবাতোকৈ কঠিন হিচাপে বিবেচনা কৰা চতুৰ্থ স্থানটো সুনিশ্চিত কৰে তেওঁ ।
চতুৰ্থ স্থান সুনিশ্চিত কৰিলে কে. এল. ৰাহুলে - ১০৮ ৰাণৰ সুন্দৰ ইনিংছ
২৭ বছৰীয়া ক্ৰিকেটাৰ কে. এল. ৰাহুলে বাংলাদেশৰ বিৰুদ্ধে ১০৮ ৰাণৰ সুন্দৰ ইনিংছৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ চতুৰ্থ স্থান সুনিশ্চিত কৰিছে । তাকে লৈ এতিয়া যথেষ্ট সুখী বুলি জানিবলৈ দিয়ে ক্ৰিকেটাৰ গৰাকীয়ে ।
চতুৰ্থ স্থান সুনিশ্চিত কৰিলে কে. এল. ৰাহুলে
এই সম্পৰ্কে ৰাহুলে জনাই যে, চতুৰ্থ স্থান দখল কৰিবলৈ পাই তেওঁ যথেষ্ট সুখী আৰু ইয়াৰ ফলত আত্মবিশ্বাস দুগুনে বৃদ্ধি পাইছে । বিশ্বকাপৰ দৰে আগশাৰীৰ টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিলে তীব্ৰ চাপ সহ্য কৰাৰ লগতে কৰ্তব্য পালন কৰাও যথেষ্ট প্ৰয়োজন বুলি তেওঁ জানিবলৈ দিয়ে । লগতে দলৰ স্বাৰ্থৰ বাবে যিকোনো স্থানতে বেটিং কৰিবলৈ তেওঁ সাজু বুলি মন্তব্য কৰে । উল্লেখ্য যে, ভাৰতে জুনৰ ৫ তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথম খন যুঁজত নামিব ।