অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ পাছতে অৱসৰ ধোনীৰ ! - এম. এছ. ধোনী

বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পাছতে অৱসৰ ঘোষণআ কৰিব পাৰে এম. এছ. ধোনীয়ে ৷ এই কথা প্ৰকাশ কৰিছে বিচিচিআইৰ এক সূত্ৰই ৷

বিশ্বকাপৰ পাছতে অৱসৰ ধোনীৰ !

By

Published : Jul 3, 2019, 6:14 PM IST

স্পৰ্টছ ডেস্ক, 3 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পাছতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব পাৰে ভাৰতৰ উইকেট কীপাৰ বেটছমেন এম. এছ. ধোনীয়ে ৷ প্ৰাক্তন ভাৰতীয় অধিনায়ক গৰাকীয়ে শেহতীয়াকৈ ধীৰ গতিৰ বেটিঙৰ বাবে অনুৰাগীৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰ সকলৰ পৰাও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৷

বিশ্বকাপৰ পাছতে অৱসৰ ধোনীৰ !

বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ধোনীৰ বিষয়ে এতিয়াই পূৰ্বানুমান কৰা অসম্ভৱ ৷ নীলা ৰঙৰ জাৰ্ছীত হয়তো বিশ্বকাপতেই ধোনীক শেষবাৰৰ বাবে দেখিবলৈ পোৱা যাব পাৰে বুলিও মন্তব্য কৰে সূত্ৰটোৱে ৷ টীম ইণ্ডিয়াই ল'ৰ্ডছত ফাইনেল খেলিবলৈ সুযোগ লাভ কৰিলে কিংবদন্তি ক্ৰিকেটাৰ গৰাকীৰ বাবে ইয়াতকৈ 'সন্মানজনক বিদায়' একো হ'ব নোৱাৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ধীৰ গতিৰ বেটিঙৰ বাবে তেণ্ডুলকাৰৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰৰ পৰাও সমালোচনাৰ সন্মুখীন হোৱা ধোনীয়ে বিশ্বকাপ, 19 ত 7 খনকৈ মেচত অৱতীৰ্ণ হৈ 223 ৰাণ সংগ্ৰহ কৰিছে ৷ অৱশ্যে, মঙলবাৰে অনুষ্ঠিত মেচত ভাৰতে বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

ABOUT THE AUTHOR

...view details