স্পৰ্টছ ডেস্ক,10 জুন : অৱশেষত 17 বছৰীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ সমাপ্তি ঘটিল ভাৰতীয় ক্ৰিকেটৰ বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙৰ ৷ সোমবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে প্ৰাক্তন বাওঁহতীয়া ক্ৰিকেটাৰ গৰাকীয়ে ৷ সংবাদমেলত নিজৰ অৱসৰৰ কথা ঘোষণা কৰি আৱেগিক হৈ পৰা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীয়ে মন্তব্য কৰে যে,প্ৰায় 17 বছৰীয়া তেওঁৰ যাত্ৰাত যথেষ্ট খিনি শিকিবলৈ পোৱাৰ লগতে বহু উত্থান-পতনৰ মাজেৰে এতিয়া আগবাঢ়ি যোৱাৰ সময় ৷ এই খেলৰ পৰা সংগ্ৰাম কৰিবলৈ শিকাৰ লগতে সময়ৰ সৈতে খোজ মিলাবলৈও সক্ষম হোৱা বুলি আৱেগিক মন্তব্য কৰে তেওঁ ৷
"বহু উত্থান-পতনৰ অন্তত এইয়া সময় আগবাঢ়ি যোৱাৰ"-যুৱৰাজ - 17 বছৰীয়া ক্ৰিকেট কেৰিয়াৰ
সোমবাৰে এক সংবাদমেল সম্বোধনেৰে 17 বছৰীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে যুৱৰাজ সিঙে ৷ সংবাদমেলতে আৱেগিক হৈ পৰা প্ৰাক্তন খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে, এই খেলৰ পৰা সংগ্ৰাম কৰিবলৈ শিকাৰ লগতে সময়ৰ সৈতে খোজ মিলাবলৈও শিকিলে ৷
উল্লেখ্য যে,প্ৰাক্তন ক্ৰিকেটাৰ যুগৰাজ সিঙৰ সন্তান যুৱৰাজক ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা হয় ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া সংস্কৰণত 8,701 ৰাণ আৰু 111 টা উইকেট সংগ্ৰহ কৰা খেলুৱৈ গৰাকীয়ে টি-20 ক্ৰিকেটতো নিজৰ দখলত ৰাখিছে 1,177 ৰাণ আৰু 28 টাকৈ উইকেট ৷ 2011 বৰ্ষত ভাৰতে ক্ৰিকেট বিশ্বকাপ জয়ৰ পাছতে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপেও সঘনে পৰিচিত যুৱৰাজ আক্ৰান্ত হৈছিল জটিল কৰ্কট ৰোগত ৷ কিন্তু কঠোৰ পৰিশ্ৰম আৰু দৃঢ়বিশ্বাসৰ বলত এই জটিল ৰোগকো নেওচি খেলপথাৰলৈ উভটিছিল যুৱৰাজ ৷
ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা তেওঁৰ অমূল্য অৱদানৰ বাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ খেল সন্মান অৰ্জুন বঁটা লাভ কৰাৰ লগতে লাভ কৰিছিল চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা ৷ মুঠ 304 খন এদিনীয়াৰ লগতে 40 খন টেষ্ট আৰু 58 খন আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যুৱৰাজে ৷ 2015 চনত দিল্লী ডেয়াৰডেভিলছ দলে সৰ্বোচ্চ 16 কোটি টকাত তেওঁক ক্ৰয় কৰাৰ লগতে আই পিএল ইতিহাসত সৰ্বাধিক দামত নিলাম হোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল যুৱৰাজ ৷ 2007 চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত আই চিচি টি-20 টুৰ্ণামেন্টত যুৱৰাজে ষ্টুৱাৰ্ট বৰ্ডৰ এক অ'ভাৰত 6 টাকৈ ছয় কোবোৱাৰ অভিলেখ গঢ়াৰ লগতে মাত্ৰ 12 টা বলত অৰ্ধশতক অৰ্জন কৰিছিল ৷