অসম

assam

ETV Bharat / sports

বিশ্ব অভিলেখেৰে এটা দশকৰ 'কিং' কোহলি - THREE FORMET

বিৰাট কোহলিৰ নামত নতুন অভিলেখ ৷ 20 হাজাৰ ৰানেৰে এটা দশকত কোহলিৰ নামত খোদিত হ’ল বিশ্ব অভিলেখ ৷ 2008 চনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত আৰু 2010 চনত টেষ্ট আৰু টি-20 ত অভিষেক ঘটিছিল বিৰাট কোহলিৰ ৷

বিশ্ব অভিলেখেৰে এটা দশকৰ কিং কোহলি

By

Published : Aug 15, 2019, 3:33 PM IST

স্পৰ্টছ ডেস্ক, 15 আগষ্টঃবেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত বিশ্ব অভিলেখ গঢ়িলে বিৰাট কোহলিয়ে ৷ এটা দশকত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 20 হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হ’ল বিৰাট কোহলি ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত বৰ্তমান বিৰাটৰ নামত আছে 20,502 ৰান ৷ য’ত এটা দশকত বিৰাটে বৰ্তমানলৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে 20,018 ৰান ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ নামত ৷ পণ্টিঙে এটা দশকত 18,962 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ এই তালিকাত 16,777 ৰানেৰে তৃতীয় স্থানত আছে জেক কালিছ আনহাতে চতুৰ্থ স্থানত মহিলা জয়াবৰ্ধনে (16,304), পঞ্চম স্থানত ছাংগাকাৰা (15,999) আৰু ষষ্ঠ স্থানত আছে শচীন তেণ্ডুলকাৰ (15,962) ৷

এটা দশকত কোহলিৰ 20 হাজাৰ ৰান সম্পূৰ্ণ

উল্লেখ্য যে, এই মেচখনতে বিৰাটে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ 43 সংখ্যক শতক অৰ্জন কৰিছিল ৷ আনহাতে এই শৃংখলাৰে দ্বিতীয়খন এদিনীয়াত 42 তম শতক অৰ্জন কৰাৰ লগতে সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে অভিলেখ ৰচিবলৈ সক্ষম হৈছিল কোহলি ৷ টি-20 শৃংখলাৰ পাচতে ভাৰতে 2-0 ৰে এদিনীয়া শৃংখলা দখল কৰে ৷ বৰষুণৰ বাবে বাতিল হৈছিল প্ৰথমখন এদিনীয়া ৷

ABOUT THE AUTHOR

...view details