স্পৰ্টছ ডেস্ক,2 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট মেচ ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত ইতিমধ্যে 2-0ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কেংগাৰু দলটোৱে ৷ তথ্য অনুসৰি তৃতীয়খন টেষ্টত অষ্ট্ৰেলিয়া দলটোত সাল-সলনিৰ সম্ভাৱনা কিছু ক্ষীণ ৷ অৱশ্যে পিট্ছ অনুসৰি তৃতীয়খন টেষ্টত এগৰাকী অতিৰিক্ত স্পিনাৰক খেলোৱাৰো সম্ভাৱনা নুই কৰা নাই অষ্ট্ৰেলিয়া দলটোৰ অধিনায়কে ৷ ইতিমধ্যে এনে সংকেতৰ ইংগিত দিছে অষ্ট্ৰেলিয়াৰ অধিনায়ক টিম পেইনে ৷
ছিডনী টেষ্টঃ সাল-সলনিৰ সম্ভাৱনা নাই অষ্ট্ৰেলিয়াৰ অন্তিম একাদশত
নিউজিলেণ্ড আৰু অষ্ট্ৰলিয়াৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব তৃতীয়খন টেষ্ট ৷ দ্বিতীয় টেষ্টৰ অন্তিম একাদশেই ৰখাৰ সম্ভাৱনা অষ্ট্ৰেলিয়াৰ ৷ প্ৰথম আৰু দ্বিতীয়খন টেষ্টত বৃহৎ জয় অষ্ট্ৰেলিয়া দলটোৰ ৷
সাল-সলনিৰ সম্ভাৱনা নাই অষ্ট্ৰেলিয়াৰ অন্তিম একাদশত
অষ্ট্ৰেলিয়াই পৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত 296 ৰানত আৰু মেলৱৰ্ণত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত 247 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷
অষ্ট্ৰেলিয়া দলটোত আছে- ডেভিদ ৱাৰ্ণাৰ,জ’ বাৰ্ণছ, মাৰ্নোছ লাবুচেন,ষ্টিভ স্মিথ,মেথিউ ৱেড,ট্ৰাভিছ হেড,টিম পেইন (অধিনায়ক),পেট কামিন্স, মিটচেল ষ্ট্ৰাক,নাথন লায়ন,জেমছ পেটিনছন,মাইকেল নেছৰ,মিটচেল স্বেপছন ৷