অসম

assam

ETV Bharat / sports

সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন - বিচিচিআই

আঁঠুৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হ'ল ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাৰ ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷

সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন

By

Published : Aug 10, 2019, 1:06 PM IST

স্পৰ্টছ ডেস্ক,10 আগষ্ট : শুকুৰবাৰে ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰৰ পাছত ক্ৰিকেটাৰ গৰাকীক আৰোগ্য হ'বলৈ চাৰিৰ পৰা ছয় সপ্তাহলৈ সময়ৰ প্ৰয়োজন হ'ব ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে,কেইমাহমানৰ পৰা ৰাইনাই আঘাতৰ সমস্যাৰে যুঁজি আছিল সেয়েহে তেওঁৰ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ এই অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হোৱাৰ লগতে অতি সোনকালে আৰোগ্য হোৱাৰ কামনা কৰে বিচিচিআইয়ে ৷

সুৰেশ ৰাইনা

উল্লেখ্য যে,সুৰেশ ৰাইনাই ভাৰতৰ হৈ 18 খনকৈ টেষ্ট মেচত অৱতীৰ্ণ হৈ 768 ৰাণ সংগ্ৰহ কৰাৰ লগতে 226 খন এদিনীয়াত 5,615 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰোপৰি,78 খনকৈ টি-20ত অংশগ্ৰহণ কৰা ৰাইনাই সৰ্বমুঠ 1,605 ৰাণ সংগ্ৰহ কৰিছে ৷

ABOUT THE AUTHOR

...view details