অসম

assam

ETV Bharat / sports

পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা স্মিথ-ৱাৰ্নাৰৰ

বল টেম্পাৰিঙৰ বিবাদত নিষেধাজ্ঞাৰ সন্মুখীন হৈ থকা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথ আৰু সহ অধিনায়ক ডেভিদ ৱাৰ্নাৰ অতিশীঘ্ৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা

পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা স্মিথ-ৱাৰ্নাৰৰ

By

Published : Mar 12, 2019, 8:38 PM IST

স্পৰ্টছ ডেস্ক, ১২ মাৰ্চঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বল টেম্পাৰিং বিবাদত অভিযুক্ত হৈ এক বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল এই দুই খেলুৱৈ । এতিয়া এই নিষেধাজ্ঞাৰ অন্ত পৰিব ২৮ মাৰ্চত । যাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্ণ সম্ভাৱনা জাগি উঠিছে এই দুই অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকাৰ ।

বৰ্তমান অষ্ট্ৰেলিয়া ক্ৰিকেট দলটো ভাৰত ভ্ৰমণত আছে । ইয়াৰ পিচত দলটোৱে ডুবাইত পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ'ব । এতিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াই এই দুই তাৰকাক প্ৰথমে আই পি এল খেলাৰ অনুমতি দিব নে ৰাষ্ট্ৰীয় দলত স্থান দিব তাক লৈ এতিয়া অৱ্যাহত আছে ৰহস্য?

ABOUT THE AUTHOR

...view details