স্পৰ্টছ ডেস্ক, 26 ডিচেম্বৰ : ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলগা হোৱা বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত হ'ব নোৱাৰিলে পেচাৰ মহম্মদ ছিৰাজে ৷ কিন্তু মেলবৰ্ণত বক্সিং ডে টেষ্টত আত্মপ্ৰকাশ ঘটাইয়ে সদ্য প্ৰয়াত পিতৃক গৌৰৱান্বিত কৰিলে বুলি মন্তব্য কৰে ছিৰাজৰ পৰিয়ালে ৷
26 বৰ্ষীয় ছিৰাজে 20 নৱেম্বৰত অটো চালক পিতৃ মহম্মদ ঘাউছক হেৰুৱায় ৷ ছিৰাজ অষ্ট্ৰেলিয়াত উপস্থিত হোৱা এসপ্তাহৰ ভিতৰতে পিতৃৰ মৃত্যু হোৱাত ক'ভিড-19 নিয়মাৱলীৰ বাবে তেওঁ উভতিব নোৱাৰিলে নিজ ঘৰলৈ ৷
তেওঁৰ ভাতৃ ইছমাইলে কয় যে, মৃত পিতৃৰ সপোন আছিল ছিৰাজক দেশৰ হৈ টেষ্ট মেচত অংশগ্ৰহণ কৰা আৰু শনিবাৰে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত এই সপোন পূৰণ কৰিলে ছিৰাজে ৷
হায়দৰাবাদৰ পৰা ইছমাইলে কয়, "ছিৰাজে টেষ্টত দেশক প্ৰতিনিধিত্ব কৰাটো দেউতাৰ সপোন আছিল... তেওঁ সদায় ছিৰাজক নীলা আৰু বগা জাৰ্ছীত দেখিব বিচাৰিছিল, সেয়েহে আজি আমাৰ সপোন পূৰণ হ'ল ৷"
ছিৰাজৰ পৰিয়ালৰ লোকসকলে পুৱা 4 বজাৰ পৰা এই বিৰল মুহূৰ্ত উপভোগৰ বাবে টিভিৰ সন্মুখত বহি আছিল ৷ তেওঁ ইতিমধ্যে এখন এদিনীয়া আৰু তিনিখন টি-20 মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷