স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিক সময় খেলা অথবা বৰ্তি থাকিবলৈ নিজৰ সঠিক বয়স লুকোৱাক লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা নেশ্যনেল ক্ৰিকেট একাডেমীৰ নিৰ্দেশক ৰাহুলৰ দ্ৰাৱিড়ৰ প্ৰতিক্ৰিয়া ৷ দ্ৰাৱিড়ে কয় যে,
ভাৰতীয় ক্ৰিকেটত বয়স লুকোৱা প্ৰথাটো বিপদজনকঃ দ্ৰাৱিড় ভাৰতীয় ক্ৰিকেটত বয়স লুকোৱা প্ৰথাটো ক্ৰিকেট সংস্কৃতিৰ বাবে বিপদজনক ৷ এই বিষয়ে অতি সোনকালে কঠোৰ ব্যৱস্থা লোৱাৰ দৰকাৰ ৷
দ্ৰাৱিড়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত লগতে কয়,এইয়া সচিব,দলৰ মালিক তথা ক্লাৱসমূহে দায়িত্ব সহকাৰে লৈ গুৰুত্ব দিয়া অতিকৈ প্ৰয়োজন ৷ যাতে কোনো খেলুৱৈয়ে এনেদৰে কৰিব নোৱাৰে ৷ এইয়া ক্ৰিকেটৰ বাবে বিপদজনক ৷ ইয়াৰ বাবে বহু প্ৰতিভাৱান খেলুৱৈয়ে সুবিধা নাপায় ৷ যিয়ে সঁচাকৈ ক্ৰিকেট খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷
নিজৰ পোন্ধৰ মিনিটৰ বক্তব্যত দ্ৰাৱিড়ে কয়,
ক্ৰিকেটাৰ সকলে কেতিয়াও পাহৰিব নালাগে যে তেওঁলোকে কিয় ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে ৷ ক্ৰিকেটাৰ সকলক উদ্দেশ্যি তেওঁ ইয়াকো কয় যে, সকলো খেলুৱৈয়ে ৰঞ্জী ট্ৰফী,আই পি এল অথবা ভাৰতৰ হৈ খেলিবলৈ সুযোগ নাপাব পাৰে ৷ গতিকে দলত নিৰ্বাচন হোৱা বিষয়টো আওকান কৰি ক্ৰিকেট খেলাৰ আনন্দ লাভ কৰিব লাগে ৷ দলত নিৰ্বাচন হোৱা-নোহোৱা চিন্তাই মানসিক অশান্তি দিয়ে বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷