অসম

assam

ETV Bharat / sports

ধোনীৰ প্ৰশংসাত পঞ্চমুখ কোহলি

ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিৰ মন্তব্য 30-35 অভাৰৰ পিচত দলৰ নেতৃত্বৰ দ্বায়িত্বত থাকে মহেন্দ্ৰ সিং ধোনী ৷

By

Published : Apr 19, 2019, 2:49 PM IST

ধোনীৰ প্ৰশংসাত পঞ্চমুখ কোহলি

স্পৰ্টছ ডেস্ক, 19 এপ্ৰিলঃনতুন দিল্লীত এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত বিৰাটৰ মন্তব্য বিশ্বকাপৰ বাবে নিৰ্বাচিত দলক লৈ সুখী তেওঁ ৷ আনহাতে ধোনীৰ প্ৰশংসাত পঞ্চমূখ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷ বিশ্বকাপৰ বাবে 15 জনীয়া সদস্যৰ তালিকাত ধোনীৰ নাম অন্তৰ্ভূক্ত হোৱাত আনন্দ প্ৰকাশ কৰে বিৰাটে ৷ লগতে ধোনীক লৈ চলি থকা সমালোচনা দুৰ্ভাগ্যপূৰ্ণ বুলি উল্লেখ কৰে কোহলিয়ে ৷ কোহলিয়ে ইয়াৰ লগতে কয়, তেওঁ যেতিয়া ভাৰতীয় দলত আহিছিল তেতিয়া ধোনীৰ নেতৃত্বতেই তৃতীয় স্থানত খেলাৰ সুযোগ লাভ কৰিছিল ৷ এজন যুৱ খেলুৱৈৰ বাবে এইয়া সৌভাগ্য বুলি কয় বিৰাটে ৷

ধোনীৰ প্ৰশংসাত পঞ্চমুখ কোহলি

আনহাতে খেলপথাৰত পিট্ছ, মেচৰ পৰিস্থিতি অনুযায়ী ফিল্ডিং, বলিঙৰ সাল-সলনি ক্ষেত্ৰতো ধোনীৰ উপস্থিতি যথেষ্ট সহায়ক অথবা ফলদায়ক ৷ মেচৰ ডেথ্ অভাৰত বাউণ্ডেৰী লাইনত ফিল্ডিং কৰিলে ধোনীয়েই নেতৃত্বৰ আধা দায়িত্ব পালন কৰে বুলি কয় বিৰাটে ৷ ইয়াৰ লগতে বিৰাটে ক’লে বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলৰ স্থিৰতা আছে ৷ যি 15 গৰাকী খেলুৱৈ অন্তৰ্ভূক্ত হৈছে তাক লৈ সুখী অধিনায়ক গৰাকী ৷

ABOUT THE AUTHOR

...view details